“কথানদী” পৰিচালক ভাস্কৰ হাজৰিকাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন বোলছবি “আমিষ”-এ এই বছৰৰ সন্মানীয় ট্ৰাইবেকা চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হয়। পুনম দেউল আৰু শ্যাম বৰাৰ দ্বাৰা প্ৰযোজিত বোলছবিখন এপ্ৰিল মাহৰ ২৬ তাৰিখে “ভিলেষ্ট ইষ্ট চিনেমা” ত ব্ল’ৰ্ড প্ৰিমিয়াৰ অনুষ্ঠিত হয় যায়। পৰিচালনাৰ লগতে ভাস্কৰ হাজৰিকাই উক্ত বোলছবিখনৰ কাহিনী আৰু চিত্ৰনাট্যও লিখিছে।
দুই ন-মুখৰ জৰিয়তে অসমীয়া বোলছবি জগতলৈ আহি আছে “আমিষ”। এগৰাকী শিশু ৰোগ বিশেষজ্ঞ “নিৰ্মালী” আৰু উত্তৰ পূব ভাৰতৰ খাদ্যাভাষ বিষয়ৰ গৱেষণাৰত ছাত্ৰ “সুমন” ৰ খাদ্যৰ যোগেৰে আৰম্ভ হোৱা প্ৰেম কাহিনীৰে নিৰ্মিত হৈছে “আমিষ”। বিভিন্ন খাদ্যৰ প্ৰতি থকা দূৰ্বলতা আৰু মাংসৰ প্ৰতি থকা আকৰ্ষণৰ ফলত উক্ত দুই মূখ্য চৰিত্ৰই পৰস্পৰে পৰস্পৰৰ কাষ চাপি আহে। সময়ৰ গতিৰ সৈতে দুই চৰিত্ৰৰ খাদ্যৰ প্ৰতি ক্ৰমশঃ বাঢ়ি যোৱা আগ্ৰহৰ বাবেই সম্পৰ্কত কিছু অপ্ৰত্যাশিত ঘটনা সংঘটিত হয়। এয়াই হৈছে “আমিষ” ৰ কাহিনী “Consumed By Love” ।
ইতিমধ্যে বলীউডৰ জনপ্ৰিয় বোলছবি নিৰ্মাতা অনুৰাগ কাশ্যপে “আমিষ” ৰ প্ৰশংসাত মন্তব্য প্ৰদান কৰিছে। গতানুগতিক একোটা প্ৰেম কাহিনীৰ পৰা ফালৰি কাটি এক ব্যতিক্ৰমী প্ৰেম কাহিনীৰ উপস্থাপনে দৰ্শকক আকৰ্ষণ কৰিব বুলি আশাবাদী পৰিচালক ভাস্কৰ হাজৰিকা। “আমিষ” মূখ্য চৰিত্ৰ দুটি সুদক্ষ অভিনয়ৰে ফুটাই তুলিছে লিমা দাস আৰু অৰ্ঘ্যদীপ বৰুৱাই। চিনেমাখনৰ অইন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নিতালী দাস, সাগৰ সৌৰভ, মানস কুমাৰ দাসে। গুৱাহাটী মহানগৰীৰ কেইবাটাও স্থানত দৃশ্যগ্ৰহণৰ কাম কৰা বোলছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফী, নেৰেটিভ ফিচাৰ, শ্ৰেষ্ঠ অভিনয় আদি কেইবাটাও শিতানত “ট্ৰাইবেকাৰ ইণ্টাৰনেচনেল নেৰেটিভ” শিতানত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে।

Add comment