Rupaliparda.com
"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 1

“চিলা” ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ

“চিলা” এলবামৰ চতূৰ্থটো গীতৰ মুক্তিৰ বাবে সাজু হাৰ্টথ্ৰৱ জুবিন গাৰ্গ। “অগ্নিবীণাৰ তান” শীৰ্ষক গীতটিৰ বহুল সফলতাৰ পিছত আহিবলগীয়া গীতটিক লৈ উৎসাহী তেওঁৰ সমগ্ৰ অনুৰাগী। গীতেৰে জনসাধাৰণৰ কাষ চপাৰ উপৰিও জুবিন গাৰ্গে শেহতীয়াকৈ নিজ উদ্যোগত মুকলি কৰিছে “পথাৰ আমাৰ বজাৰ আমাৰ’ নামে এক প্ৰকল্প। মুকলিৰ পিছতই তেওঁৰ তাত থকা থলুৱা খাদ্যৰ বিক্ৰী আকাশলংঘী হৈ পৰিছে। মুঠতে, কেৱল মাত্ৰ গীতেই নহয়; সমাজ সংস্কাৰক লৈও যে কন্ঠশিল্পী জুবিন গাৰ্গ যে দায়বদ্ধ তাক আকৌ এবাৰ উনুকিয়াই নিদিলেও সকলোৰে বোধগম্য। বৃন্দাবন চুপাৰ মাৰ্কেটত “পথাৰ আমাৰ বজাৰ আমাৰ” নামে এখন সুন্দৰ বিপণীৰ মুকলি কৰে কন্ঠশিল্পী গৰাকীৰ লগতে তেওঁৰ পত্নীয়ে। কিছুদিন পূৰ্বে এই বিষয়ক লৈ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ এখন ফটো ভাইৰেল হৈ পৰিছিল চচিয়েল মিডিয়াত। বিভিন্ন জনে শিল্পী গৰাকীক ফটোখনৰ ভিত্তিত প্ৰশ্ন কৰাৰ লগতে সমালোচনা কৰাও আৰম্ভ কৰিছিল; ৰাজ্যৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক লগ কৰিবলৈ যোৱা অৱস্থাত এই ফটোখন লোৱা হৈছিল আৰু তেওঁৰ সৈতে ফটোখনত আছিল তেওঁৰ পত্নী গৰিমা শইকীয়া গাৰ্গো।

"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 2
"চিলা" ৰ চতূৰ্থটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 3


বিতৰ্কিত “কা” বিৰোধী আইনৰ বিৰোধিতাত বিগত দিনত জুবিন গাৰ্গে বিভিন্ন ধৰণে আন্দোলন অব্যাহত ৰাখিছিল; গতিকে এনেক্ষেত্ৰত কন্ঠশিল্পী গৰাকী মূখ্যমন্ত্ৰী সোণোৱালৰ কাষ চপাত প্ৰত্যেকেই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁক লৈ নানানটা প্ৰশ্ন উত্থাপন কৰা হৈছিল আৰু সেই প্ৰশ্নৰ উত্তৰ জুবিনক ৰাজহুৱাকৈ দিবলৈ আৱেদন জনাইছিল তেওঁৰ অনুৰাগীয়ে আৰু আটাইবোৰ প্ৰশ্নৰ উত্তৰ হাৰ্টথ্ৰৱ গৰাকীয়ে এখন সংবাদ পত্ৰযোগে দিয়ে। উল্লেখ্য যে, অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত মুকলি কৰি দিয়া হৈছিল “অগ্নি বীণাৰ তান”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform