অভিশ্ৰুতি বেজবৰুৱাৰ নতুন গীত “অৰে ৰাতি” য়ে শেহতীয়াকৈ চচিয়েল মিডিয়াত লগাইছ খলকনি। গীতটিৰ মুক্তিৰ পূৰ্বে কন্ঠশিল্পী গৰাকীয়ে চচিয়েল মিডিয়াত আৰম্ভ কৰিছে এক ট্ৰেণ্ড। “অৰে ৰাতি চেলেঞ্জ” নামে এক চেলেঞ্জ দি কন্ঠশিল্পী অভিশ্ৰুতিয়ে শ্ৰোতা-দৰ্শকক গীতটিৰ প্ৰতি আকৰ্ষণ কৰি ৰাখিছে। চলিত মাহৰ ২০ তাৰিখে গীতটিক মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰে অভিশ্ৰুতিয়ে। সংগীত ক্ষেত্ৰখনত সৰুৰ পৰাই জড়িত এইগৰাকী কন্ঠশিল্পীৰ মুক্তিপ্ৰাপ্ত প্ৰতিটো গীতেই হৈছে জনপ্ৰিয়; “লক-ডাউন” ৰ প্ৰথমটো ভাগতেই মুকলি কৰি দিয়া অভিশ্ৰুতি বেজবৰুৱাৰ গীত “কেৰু-মণি ঠুৰীয়া” ই বৰ্তমানলৈ জনসাধাৰণ হৃদয়ত ঠাই বনাই ৰাখিছে। এক সাক্ষাৎকাৰ যোগে সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত তেওঁ কৈছিল যে “মই সৰুৰ পৰাই এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত। মোৰ মা-দেউতাই সংগীত অথবা নৃত্য হওঁক; প্ৰত্যেকটো কলা বিষয়ৰ সৈতে মোক চিনাকী কৰি দিছিল। ইয়াৰ উপৰিও খেলা-ধূলাৰ ক্ষেত্ৰতো মোক আগুৱাই নিছিল। গতিকে, মই ৬ বছৰৰ পৰাই মোৰ এই সংগীত যাত্ৰাটো আৰম্ভ কৰিছিলো। মোৰ ঘৰৰ ওচৰতেই আমাৰ সকলোৰে চিনাকী পবিত্ৰ ডেকা খুৰাৰ এখন সংগীত বিদ্যালয় আছিল “ঐক্যতান” নামেৰে; তাতেই মই প্ৰথমবাৰৰ বাবে সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিলো গুৰু পুষ্প ৰঞ্জন ডে’ ছাৰৰ পৰা।

তাৰ পিছতেই মোৰ আদিগুৰু দামোদৰ বৰা ছাৰৰ পৰা তালিমৰ শিক্ষা গ্ৰহণ কৰো। তেওঁৰেই সংগীত মহাবিদ্যালয়ত মই “বিষাৰদ” পাছ কৰিছিলো। ইয়াৰ উপৰিও, মোৰ অন্য এগৰাকী গুৰু মা মন্দিৰা লাহিৰী বাইদেউ; তেওঁৰ সৈতে মই সংগীতৰ “এডভান্স ট্ৰেইনিঙ” বাবে আগবাঢ়িছিলো। ইয়াৰ পিছত, টিদেন বসুমতাৰী ছাৰৰ সৈতে মই আকৌ তালিম ল’বলৈ সক্ষম হৈছিলো। আছলতে, মই ৰাজস্থানতহে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলো; গতিকে যেতিয়াই মই দুমাহৰ বন্ধ পাওঁ তেতিয়াই মই ইয়ালৈ আহি সংগীতৰ শিক্ষা গ্ৰহণত মনোনিৱেশ কৰিছিলো। মোৰ দ্বাদশ শ্ৰেণীৰ পিছত আকৌ এবাৰ মই প্ৰফেচনেলি শাস্ত্ৰীয় সংগীতটো ল’বলৈ পদ্মভূষণ পণ্ডিত ৰাজন- সাজন মিশ্ৰ; তেওঁলোকৰ দ্বাৰা মই তালিম ল’বলৈ আৰম্ভ কৰো ।
বিগত ২০০৫ চনৰ পৰা বৰ্তমান সময়লৈ মই তেওঁলোকৰ সৈতে জড়িত আৰু এতিয়াও মই তালিম লৈ আছো তেওঁলোকৰ পৰা। যিহেতু মোৰ পৰিয়াল লক্ষ্মীনাথ বেজবৰুৱাৰ বংশধৰ; ফলত মোৰ বৰদেউতা, পেহী আদি সকলোবোৰ সংগীত ক্ষেত্ৰখনৰ সৈতে ওতঃপ্ৰোত ভাৱে জড়িত। মোৰ দেউতাই মেণ্ডুলিন, বেঞ্জো আদি বাদ্যযন্ত্ৰ বজাইছিল; তেওঁলোকৰ পৰাই হয়টো মইও সংগীতৰ প্ৰতি আকৰ্ষিত হৈ ইয়াৰ মাজত সোমাই পৰিলো।”
Add comment