Rupaliparda.com
তাপসি আৰু কৃতি সেননৰ পিছতহে "ধমাকা" ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ 1

তাপসি আৰু কৃতি সেননৰ পিছতহে “ধমাকা” ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ

কাৰ্তিক আৰিয়নৰ আগন্তুক ছবি “ধমাকা” ই শেহতীয়াকৈ লাভ কৰিছে চৰ্চা। এই ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব কাৰ্তিক আৰিয়নে; তেওঁ এখন পোষ্টাৰৰ জৰিয়তে এই কথা জানিবলৈ দিছিল জনসাধাৰণক। কিন্তু আপোনালোকে জানেনে, এই ছবিখনৰ বাবে পোন প্ৰথমবাৰ অফাৰ দিয়া হৈছিল তাপসি পান্নুক। কিন্তু তাপসি পান্নুয়ে এই অফাৰ নাকচ কৰাৰ পিছত আকৌ এবাৰ নিৰ্মাতা সকলে কাষ চাপিছিল কৃতি সেননৰ। এই অভিনেত্ৰীগৰাকীয়েও ছবিখন নাকচ কৰাত ছবিখনৰ স্ক্ৰীপ্ট সলনি কৰি নিৰ্মাতা সকলে কাষ চাপে কাৰ্তিক আৰিয়নৰ। অভিনেতাগৰাকীৰ আহিবলগীয়া ছবি “ধমাকা” ৰ বাবে কাৰ্তিক আৰিয়নে শ্বুটিং কৰিছে কেৱল মাত্ৰ ১০ দিন; অৰ্থাৎ ১০ দিনতেই কাৰ্তিক আৰিয়নে সম্পূৰ্ণ কৰিছে নিজৰ এখন ছবি।

তাপসি আৰু কৃতি সেননৰ পিছতহে "ধমাকা" ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ 2
তাপসি আৰু কৃতি সেননৰ পিছতহে "ধমাকা" ৰ অফাৰ কাৰ্তিক আৰিয়নলৈঃ 3


ছবিখনৰ সৈতে জড়িত টীমটোৱে ২০ দিনৰ বাবে এখন হোটেলত থকা-খোৱাৰ ব্যৱস্থা কৰিছিলে; এইখিনিতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা অহা খবৰনুসৰি গম পোৱা গৈছে যে যোৱা শুক্ৰবাৰে অভিনেতা কাৰ্তিক আৰিয়নে উক্ত ছবিখনৰ বাবে নিজৰ শেষৰটো দৃশ্যৰ শ্বুট সমাপ্ত কৰিছে। ইয়াৰ লগতে, ছবিখনৰ শ্বুটিঙৰ আগমহুূৰ্তৰ বাবে অভিনেতা গৰাকীয়ে প্ৰায় তিনি সপ্তাহৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি লৈছিল। শ্বুটিঙৰ সময়ছোৱাত এই ছবিখনৰ পৰিচালক ৰাম মাধৱানীৰ লগতেই ছবিখনৰ সমগ্ৰ কলা-কুশলী হোটেল খনত আছিল। ক’ৰোণা ভাইৰাছৰ সংক্ৰমণৰ বাবে নিজক বচাবলৈ প্ৰত্যেকগৰাকী কলা-কুশলীয়ে সমষ্ট নীতি-নিয়মৰ পালন কৰিছিল বুলি জনায় পৰিচালক গৰাকীয়ে। আনহাতে, তেওঁলোকে ২০ দিন পৰ্যন্ত থকা সেই হোটেল খনত যাতে কোনো বাহিৰা লোক সোমাব নোৱাৰে তাকো নজৰত ৰাখিছিল। ইয়াৰ উপৰিও, ছবিখনৰ বাহিৰৰ দৃশ্যাংশ শ্বুটিঙৰ বাবদ তেওঁলোকে ক্ৰোমা ছেটিঙৰ ব্যবহাৰ কৰা বুলিও জানিবলৈ দিয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform