Rupaliparda.com
"নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো"- মৃদুলা বৰুৱা 1

“নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো”- মৃদুলা বৰুৱা

এগৰাকী অসমীয়া সফল অভিনেত্ৰী মৃদুলা বৰুৱা; অসমীয়া ৫৩ খনতকৈ অধিক ছবি আৰু ৩০ খনৰো অধিক ভিচিডি, ধাৰাবাহিক, টেলিফ্লিম আদিত অভিনীত এইগৰাকী অভিনেত্ৰীৰ অভিনয়ক বৰ্তমানেও কোনেও পাহৰিব পৰা নাই। দ্বৈত চৰিত্ৰৰ লগতে বয়সতকৈ বৃদ্ধ তথা ঋণাত্মক চৰিত্ৰটো অভিনয় কৰা মৃদুলা বৰুৱাৰ প্ৰায় সকলোবোৰ ছবিত কৰা চৰিত্ৰই আছিল দৰ্শকৰ বাবে উপভোগ্য। কিন্তু হঠাৎ এইগৰাকী অভিনেত্ৰীৰ অভিনয়ত স্তব্ধতা আহি পৰিছিল যদিও সূদীৰ্ঘ ১৩ বছৰৰ অন্তত আকৌ এবাৰ ডাঙৰ পৰ্দাত মৃদুলা বৰুৱাক দেখিবলৈ পাব জনসাধাৰণে। হয়, আপোনালোকে ঠিকেই শুনিছে; বিগত বহু বছৰৰ অন্তত নৱপ্ৰজন্মৰ প্ৰচেষ্টাৰে নিৰ্মিত এখন ছবিত দেখিবলৈ পোৱা যাব মৃদুলা বৰুৱাক। “জীৱনৰ সন্ধানত” শীৰ্ষক এখন ছবিৰ জৰিয়তে অনুৰাগীৰ কাষ চাপিবলৈ সাজু জ্যেষ্ঠ তথা জনপ্ৰিয় এইগৰাকী অভিনেত্ৰী। তিনিগৰাকী বান্ধৱীৰ জীৱন প্ৰক্ৰিয়াৰ কাহিনীৰে নিৰ্মিত এই ছবিখনৰ পৰিচালনাৰ দায়িত্ব আছে মৃন্ময় শইকীয়া। উক্ত তিনিগৰাকী অভিনেত্ৰীৰ চৰিত্ৰ ৰূপায়ন কৰিছে ক্ৰমে মৃদুলা বৰুৱা, মলয়া গোস্বামী লগতে মাধুৰিমা চৌধুৰীয়ে। জানিব পৰা মতে, পোষ্ট-প্ৰডাকচনৰ কামত ব্যস্ত থকা উক্ত ছবিখনে মুক্তি লাভ কৰিব চলিত বৰ্ষৰ মাৰ্চ-এপ্ৰিল মাহলৈ।

"নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো"- মৃদুলা বৰুৱা 2


“জীৱনৰ সন্ধানত” সন্দৰ্ভত অভিনেত্ৰী মৃদুলা বৰুৱাৰ সৈতে ৰূপালীপৰ্দাই পাতিছিল কিছু এক্সক্লুচিভ কথা-বতৰা। ১২ বছৰৰ অন্তত ডাঙৰ পৰ্দালৈ ঘূৰি আহি কেনে অনুভৱ হৈছে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আচলতে, এই অনুভৱটো আৰু এই অভিজ্ঞতাটো মোৰ বাবে নতুন নহয়। মাত্ৰ, মোৰ সৈতে থকা এইবাৰৰ মানুহখিনিহে নতুন আছিল। বাকী, পূৰ্বৰ দৰেই একেই মোৰ অভিনয় জীৱন।” নৱপ্ৰজন্মৰ সৈতে কাম কৰি তেওঁৰ কেনে অনুভৱ হৈছিল বুলি সোধাত মৃদুলা বৰুৱাই কয় যে, “নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো; তেওঁলোকে একেবাৰে মোক সহজ কৰি তুলিছিল। মোৰ ভাল লাগিছিল তেওঁলোকৰ সৈতে কাম কৰি; ইয়াৰ উপৰিও আমি তিনিগৰাকী বান্ধৱীয়ে ছবিখনৰ শ্বুটিং সময়ছোৱাত বহুত স্ফূৰ্তি কৰিলো। আচলতে, সেইখিনি সময়ত মই ব্যক্তিগত দুখবোৰৰ পৰা আঁতৰি আহিবলৈ সক্ষম হৈছিলো। গতিকে, “জীৱনৰ সন্ধানত” ছবিখনৰ সৈতে জড়িত হয় মইও উৎসাহী হৈছিলো।”

"নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো"- মৃদুলা বৰুৱা 3
"নৱপ্ৰজন্মৰ সৈতে যে মই কাম কৰিছো তেনে একো অনুভৱ মই কৰাই নাছিলো"- মৃদুলা বৰুৱা 4


কেইবাখনো চুটি ছবি নিৰ্মাণৰ সৈতে জড়িত মৃন্ময় শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰাইণ আৰু নৰেন্দ্ৰ এন সিনহাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform