Rupaliparda.com
"বৰনদী ভটিয়ায়" আৰু "জোনাকী পৰুৱা" ৰ সফল যাত্ৰা অব্যাহতঃ 1

“বৰনদী ভটিয়ায়” আৰু “জোনাকী পৰুৱা” ৰ সফল যাত্ৰা অব্যাহতঃ

অসমীয়া চলচিত্ৰৰ বৰ্তমানেও অব্যাহত আছে জয়যাত্ৰা; ২০১৯ চনত মুক্তিপ্ৰাপ্ত তথা বিগত বৰ্ষ অৰ্থাৎ ২০২০ চনত মু্ক্তিপ্ৰাপ্ত দুখনকৈ ছবি ক্ৰমে “বৰনদী ভটিয়ায়” আৰু “জোনাকী পৰুৱা” ৰ প্ৰশংসাৰ টোপোলাটোত যেন আকৌ আন এক শিতান জড়িত হৈছে। আহিবলগীয়া “প্ৰাগ চিনে এৱাৰ্ড নৰ্থ ইষ্ট ২০২১” ৰ বিভিন্ন শিতানত দুয়োখন ছবিয়ে কেইবাটাও বিভাগত লাভ কৰিছে মনোনয়ন; য’ত “বৰনদী ভটিয়ায়” য়ে লাভ কৰিছে ৯ টা মনোনয়ন তাতেই আকৌ “জোনাকী পৰুৱা” ই লাভ কৰিছে ১২ টা বিভাগত মনোনয়ন। মাজুলীৰ সন্তান তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অনুপম কৌশিকৰ দ্বাৰা নিৰ্মিত “বৰনদী ভটিয়ায়” ত আছে মাজুলী বাসীৰ দূৰ্দশা, হতাশা আদি। বৰনদীৰ বুকুতেই আছে নিঁভাজ অসমীয়া জাতিটোৰ মেৰুদণ্ড সদৃশ মাজুলী। চিনেমাখনত আছে মাজুলী বাসীৰ দৃষ্টিৰে দেখা পোৱা মাজুলীৰ আচল ৰং। হাস্যব্যংগৰে পৰিচালক গৰাকীয়ে বিষাদ লগতে আশা-হেঁপাহৰ যি বাখ্যা কৰিছে; সেই বাখ্যাই দৰ্শকক মোহাচ্ছন্ন কৰিছে। সীমিত বাজেটেৰে নিৰ্মিত হ’লেও চিনেমাখনৰ নেৰেটিভে দৰ্শকক শেষলৈকে ধৰি ৰাখিবলৈ সক্ষম হৈছে বুলি ছবিখন উপভোগ কৰি বিভিন্ন মতামত দিয়ে। ছবিখনক লৈ নিৰ্দ্দিষ্ট এটা শাৰীৰে দৰ্শকক আকৰ্ষণ কৰাৰ চেষ্টা কৰা হৈছিল; যিটো আছিল পানী লগা ডাঙৰ বেমাৰ নহয় -সৰুও নহয়”।

"বৰনদী ভটিয়ায়" আৰু "জোনাকী পৰুৱা" ৰ সফল যাত্ৰা অব্যাহতঃ 2


২০১৯ ৰ ৩ মে’ তাৰিখে মুক্তিপ্ৰাপ্ত এই ছবিখন বাণিজ্যিক সফলকাম হোৱাৰ উপৰিও অসম, মণিপুৰকে ধৰি অৰুণাচল প্ৰদেশৰ প্ৰায় ১৫ খন ছবিৰ দৌৰত শ্ৰেষ্ঠ স্থান লাভ কৰি “শৈলধৰ বৰুৱা চলচিত্ৰ বঁটা ২০১৯” লাভ কৰিবলৈ সক্ষম হয়। উক্ত ছবিখনত অভিনয় কৰিছে দৰথী ভৰদ্বাজ, অনুপম কৌশিক বৰা, সোণমণি শৰ্মা, ৰাজীৱ নাথ, হিমাংশু গগৈ, কৌশিক নাথ, কেনী বসুমতাৰী, পলাশ মেছ,গুণমণি বৰুৱা, দিগন্ত কোঁৱৰ আৰু মনিষা ভূঞাই। আনহাতে, “জোনাকী পৰুৱা” ত পোন প্ৰথমবাৰৰ উপস্থাপন কৰা হৈছিল এটা বৰ হৃদয়স্পৰ্শী বিষয়বস্তু। সমকামিতাৰ বিষয়বস্তুৰে নিৰ্মিত এই ছবিখন আছিল অসমীয়া ছবিৰ ভিতৰত প্ৰথম সমকামিতাৰ ছবি; moviesaints.com ত উপলদ্ধ এই ছবিখনে ডিজিটেল প্লেটফৰ্মত মুক্তি লাভৰ পিছতেই লাভ কৰিছিল দৰ্শকৰ সমাদৰ। একঘেয়ামী বিষয়বস্তুৰ পৰা ফালৰি কাটি অহা এই ছবিখনৰ বিষয়বস্তুৰ লগতে ইয়াৰ কাহিনীভাগৰ উপস্থাপন শৈলীৰ বাবে ছবিখনে বৰ্তমানেও দৰ্শকৰ প্ৰশংসা পাবলৈ সক্ষম হৈ আহিছে। স্বাধীন পৰিচালক প্ৰকাশ ডেকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত অভিনীত প্ৰতিটো চৰিত্ৰৰ বৈশিষ্ট্যই আছিল সুকীয়া। বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছিল এই ছবিখনত।

"বৰনদী ভটিয়ায়" আৰু "জোনাকী পৰুৱা" ৰ সফল যাত্ৰা অব্যাহতঃ 3


দুয়োখন ছবিৰেই এই সফল যাত্ৰাত বৰ্তমান উৎসাহী চলচিত্ৰ প্ৰেমী ৰাইজো। কিয়নো, দুয়োখন ছবিয়ে মুক্তিৰ পিছতেই লাভ কৰিছিল ৰাইজৰ ধনাত্মক মন্তব্য।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform