আমি আচলতে সকলোৱে উমৈহতীয়াকৈ হ’লেও এই মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত। কাৰণ আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে। কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। আজি মাঘ বিহুৰ উৰুকা; পথাৰৰ মাজে মাজে মেজি সঁজাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ অসমীয়া কন্ঠশিল্পী সমূহেও ইটোৰ পিছত সিটোকৈ বিহুগীতৰ মুক্তিৰ দিশে আগবাঢ়িছে। আচলতে, মেজিৰ জুইৰ কাষতে বহি নিজৰ মন- পচন্দৰ কন্ঠশিল্পী গৰাকীৰ একোটা বিহুগীত শুনি মাঘ বিহুৰ ৰং-ৰহৈচ কৰা কথাই সুকীয়া; আৰু তাৰ ফলতেই এইবাৰ পূৰ্ণৰূপত সক্ৰিয় হৈছে কেইবাগৰাকীও জনপ্ৰিয় কন্ঠশিল্পী। শেহতীয়াকৈ নীল আকাশ আৰু শিল্পীশিখা তালুকদাৰৰ যুঁটীয়া কন্ঠৰে মুক্তি লাভ কৰা বিহু গীতটিৰ নাম হৈছে “বাখৰ”। মুক্তি লাভৰ পিছতেই বিহু গীতটিয়ে লাভ কৰিছে শ্ৰোতা-দৰ্শকৰ বহুল সমাদৰ। গীতটিত নীল আকাশৰ লগতে শিল্পীশিখা তালুকদাৰৰ কন্ঠটোকো আকোঁৱালি লৈছিল শ্ৰোতা-দৰ্শকে।

দ্বিতীয় শ্ৰেণীৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত শিল্পীশিখা তালুকদাৰক সংগীতৰ ক্ষেত্ৰত সফলতা তথা বিফলতা কি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে,”সংগীতৰ ক্ষেত্ৰত সফলতা/বিফলতা কি বুলি একাষাৰে কৈ দিয়াটো সহজ নহয়। সংগীত নিজেই নিজৰ মাজতেই প্ৰাপ্তি; ইয়াত সফলতা নিজৰ কামৰ ওপৰত নিৰ্ভৰ কৰে বুলি মই ভাবো। যদিহে কেতিয়াবালৈ ভাল কাম কৰো; ৰাইজে আদৰি ল’ব। আৰু, ৰাইজে আদৰি ল’লেই নিজৰ কন্ঠটো আৰু সংগীতটো সফলকাম হ’ব বুলি বিশ্বাস কৰো মই।” আগন্তুক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত শিল্পীশিখাই কয় যে, “আগন্তুক পৰিকল্পনা বুলি ক’বলৈ হ’লে সকলোৰে হেঁপাহ থাকে নতুন নতুন কাম কৰাৰ,ৰাইজক নতুন গীতৰ উপহাৰ দিয়াৰ। মই নিজেও তাৰ ব্যতিক্ৰম নহয়; চলিত বৰ্ষত’ বাখৰ’ শীৰ্ষক গীতটি নীল আকাশ দা আৰু মোৰ কন্ঠত মুক্তি লাভ কৰিছে; ৰাইজেও আদৰি লৈছে।”

তেওঁ আগলৈ কয় যে, “বাখৰ” গীতটিক সকলোৱে ইমান মৰম দিয়াৰ বাবে তেওঁলোক আটাইৰে ওচৰত ৰূপালীপৰ্দাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছো। আগলৈও, মোক আশীৰ্বাদ কৰিব আৰু এটি নতুন গীতৰ কাম কৰি আছো। আশা কৰো, কুমাৰেশ কৌশিকৰ কথা- সুৰেৰে ‘বাখৰক ‘যিদৰে মৰম দিছে ঠিক তেনেদৰে আহিবলগীয়া গীতটিকো আপোনালোকে শুনিব আৰু মৰম দিব।”
Add comment