Rupaliparda.com
"ডেথ ইন বলীউড" ত জিয়া খানৰ আত্মহত্যাৰ বিৱৰণঃ 1

“ডেথ ইন বলীউড” ত জিয়া খানৰ আত্মহত্যাৰ বিৱৰণঃ

প্ৰায় ৭ বছৰ পূৰ্বে হোৱা জিয়া খানৰ আত্মহত্যাই প্ৰত্যেকজন দৰ্শককে আচম্বিত কৰি তুলিছিল। অভিনেত্ৰী গৰাকীয়ে নিজৰ জুহু এপাৰ্টমেন্টতে আত্মহত্যা কৰিছিল। শেহতীয়াকৈ জিয়া খানৰ আত্মহত্যাৰ কথাটোক লৈ বিবিচিয়ে “ডেথ ইন বলীউড” নামেৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছে যিখন আন্তঃ ৰাষ্ট্ৰীয় দৰ্শক সকলৰ সমুখত বহুল হাৰত চৰ্চিত হৈ পৰিছে। সোমবাৰে সন্ধিয়া মুক্তিপ্ৰাপ্ত এই তথ্যচিত্ৰখনত জিয়াৰ আত্মহত্যা ঘটনাটোৰ পুংখানুপুংখ বিৱৰণ দাঙি ধৰা হৈছে। “ডেথ ইন বলীউড” ৰ প্ৰথমটো খণ্ডত জিয়া খানৰ ৬ পৃষ্ঠা সমৃদ্ধ এখন চুচাইড নোট লগতে সুৰজ পাঞ্চলীৰ গ্ৰেপ্তাৰৰ কথাও উল্লেখ কৰা হৈছে। জিয়া খানৰ মাতৃ ৰাবিয়া খানে ফৰেঞ্চিক বিশেষজ্ঞৰ সহায় লৈছিলে; তথ্যচিত্ৰখনত সেই ৰিপোৰ্ট সমূহো অন্তৰ্ভূক্ত কৰা হৈছে। ইয়াৰ উপৰিও, তথ্যচিত্ৰখনত জনসাধাৰণক আচম্বিত কৰিব পৰা বিধৰ তথ্য অন্তৰ্ভূক্ত কৰা হৈছিল; কপি ৰাইটৰ কিছু কথাৰ ফলত এই তথ্যচিত্ৰখন ভাৰতত সম্প্ৰচাৰ কৰিব পৰা নহ’ব।

"ডেথ ইন বলীউড" ত জিয়া খানৰ আত্মহত্যাৰ বিৱৰণঃ 2
"ডেথ ইন বলীউড" ত জিয়া খানৰ আত্মহত্যাৰ বিৱৰণঃ 3


অভিনেত্ৰী জিয়া খানে ২০০৭ চনত অমিতাভ বচ্চনৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। “নিশব্দ” ছবিখনৰ পৰা আৰম্ভ কৰিছিল জিয়া খানে নিজ কেৰিয়াৰ; আমিৰ খানৰ “গজনী” লগতে অক্ষয় কুমাৰৰ “হাউচফুল” ছবিখনতো দেখিবলৈ পোৱা গৈছিল জিয়া খানক।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.