অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত ইজনকৈ সিজনকৈ অন্তৰ্ভূক্ত হৈছে বহুকেইজন প্ৰতিভাশালী নৱপ্ৰজন্ম। কেৱল কেমেৰাৰ সমুখতেই নহয়; থিয়েটাৰতো এওঁলোকৰ দপদপনি মন কৰিবলগীয়া। এই দুই মাধ্যমতে সম্পূৰ্ণৰূপে নিজ প্ৰতিভা প্ৰদৰ্শন কৰা ৰাজশ্ৰী শৰ্মাৰ সৈতে ৰূপালীপৰ্দাই শেহতীয়াকৈ পাতিছিল কিছু কথা। কেতিয়াবা কোনো এটা বিষয়ক লৈ পৰিকল্পনা নকৰিলেও সেই বিষয়টোক লৈ পিছলৈ গৈ এক বিশেষ ঘনিষ্ঠতা গঢ় লৈ উঠে। অভিনেত্ৰী ৰাজশ্ৰী শৰ্মাৰ ক্ষেত্ৰতো হয়টো তেনেই হৈছিল। অভিনয় ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “অভিনয়ৰ সৈতে জড়িত হোৱাটো মোৰ জীৱনৰ এক টাৰ্ণিং পইন্ট আছিল। মই সৰুতে কেতিয়াও অভিনয় কৰা নাই আৰু ডাঙৰটো কেতিয়াবা অভিনয় ক্ষেত্ৰখনত নামি পৰিম বুলি পৰিকল্পনা কৰা নাছিলো। ঠিক তেনেকৈ, আমাৰ ঘৰখনো পঢ়া-শুনা দিশটোক লৈ অধিক সক্ৰিয় আছিল। মোৰ দাদা ঋতুৰাজ পঢ়া-শুনাত খুব ভাল আছিল আৰু তেওঁকেই অনুসৰণ কৰি আগবাঢ়িছিলো মই। তেতিয়া ২০১৩ চনৰ জুলাই মাহৰ কথা, মই যেতিয়া ইঞ্জিনিয়াৰিং ডিপ্লোমা সম্পূৰ্ণ কৰি গুৱাহাটী আহিলো আৰু তেতিয়া নাটকৰ কৰ্মশালা এটাত মায়ে জোৰকৈয়ে নামটো লগাই দিছিল। মোৰ অকণো ইচ্ছা নাছিল যদিও গ’লো আৰু সেয়াই মোৰ প্ৰথম আছিল অভিনয়ত খোজ দিয়াটো; তাৰ পিছতে নাটক কৰিবলৈ ল’লো। এতিয়া ভাবিলে সপোন যেন লাগে।”


থিয়েটাৰ আৰু কেমেৰাৰ সমুখত কৰা অভিনয়; কোনটো প্ৰিয় আৰু কিয় বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আচলতে, দুইটাই প্ৰিয়; কিয়নো মই এগৰাকী অভিনেত্ৰী আৰু মোৰ কাম অভিনয় কৰি যোৱাটো। সেয়া লাগিলে থিয়েটাৰেই হওঁক অথবা কেমেৰাৰ সমুখতেই হওঁক। মই দুইটা ক্ষেত্ৰতে সুকীয়া আমেজ অনুভৱ কৰো। আমি থিয়েটাৰ আৰু কেমেৰা দুইটা মাধ্যমৰ বাবেই ভিন্ন ধৰণে প্ৰস্তুতি চলাওঁ; এই সম্পূৰ্ণ যাত্ৰাটো মোৰ খুব প্ৰিয়। আৰু, গোটেই প্ৰক্ৰিয়াটো মোৰ প্ৰিয়।” আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আগন্তুক প্ৰকল্প বুলি ক’বলৈ গ’লে “উপসৰ্গ” শীৰ্ষক এখন ছবিৰ শ্বুটিং শেহতীয়াকৈ সম্পূৰ্ণ কৰিলো। কংকন ডেকাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন ইতিমধ্যে পোষ্ট প্ৰডাকচনত ব্যস্ত; লগতে ছবিখনক লৈ আমিও খুব আশাবাদী।

ইয়াৰ লগতে তেওঁ কয় যে, “আনহাতে, এটি নক্ষত্ৰ আৰু বুৰ্বকৰ খেল নামে আৰু দুখন ছবি মোৰ আহি আছে। চলিত বৰ্ষতে এখন নতুন ছবিৰ শ্বুটিঙৰ কাম আৰম্ভ হ’ব। লগতে, এখন নাটক কৰাৰ কথাও ভাবি আছো।”
Add comment