Rupaliparda.com
নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি শান্তনু কৌশিক আৰু হৰাদ্ৰি দীপাৰ কন্ঠৰে "মন মৰমী ২০২১"- 1

নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি শান্তনু কৌশিক আৰু হৰাদ্ৰি দীপাৰ কন্ঠৰে “মন মৰমী ২০২১”-

নৱবৰ্ষৰ প্ৰাক ক্ষণত মুক্তি লাভ কৰা এটি সুমধুৰ বিহুগীত হৈছে “মন মৰমী ২০২১” । গীতটিত কণ্ঠদান কৰিছে ‘কানাই’, ‘গোলাপী’ ইত্যাদি গীতেৰে শ্ৰোতা দৰ্শকৰ মাজলৈ ওলাই অহা শান্তনু কৌশিক আৰু কণ্ঠশিল্পী হৰাদ্ৰি দীপাই । উল্লেখ্য যে, হৰাদ্ৰি দীপাৰ কণ্ঠত কিছুদিন পূৰ্বে মুক্তি লাভ কৰা ‘তুমি অহাৰ বাটে’ শীৰ্ষক গীতটিয়ে লাভ কৰিছিল শ্রোতাৰ সহাঁৰি। আই বি প্ৰডাকচনৰ প্রযোজনাত নিৰ্মিত ‘মন মৰমী ২০২১’ ৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা সমীৰণ মলয়ৰ আৰু শব্দ সংমিশ্ৰণ দিগন্ত বৰদলৈৰ । বাদ্যযন্ত্ৰ সংগত কৰিছে অচ্যুত বৰা, শ্যামল ভূঞা , অমৰজ্যোতি শৰ্মা, সমীৰণ মলয় আৰু নিতু শইকীয়াই; গীতটিৰ সমবেত অংশত কণ্ঠদান কৰিছে সমীৰণ মলয়, মৃগাংক শইকীয়া, মুনমী গোস্বামী আৰু শ্ৰুতিছায়া গোস্বামীয়ে ।

বাণীবদ্ধ কৰিছে দীপক বৰুৱা (ষ্টুডিঅ’ ড্ৰিম ৱৰ্কছ, যোৰহাট), নয়ন আঞ্জাৰাম বৰা (ষ্টুডিঅ’ ব্ৰীজ, যোৰহাট), ৰাজীৱ শৰ্মা (ষ্টুডিঅ’ ফিউজন, মৰাণ) আৰু শ্যামল ভূঞাই (ইউফনিক্স অডিঅ’ ৱৰ্কষ্টেচন, যোৰহাট)। গীতটিৰ মহোগ্ৰাহী ভিডিঅ’টিৰ নৃত্য নিৰ্দেশনা জনপ্ৰিয় নৃত্য নিৰ্দেশক উদয় শংকৰৰ । মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া কিশোৰ দাসৰ অভিনয়ে গীতটিত অধিক আকৰ্ষণীয় কৰি তুলিছে । দৃশ্যগ্ৰহন নগেন বৈশ্যৰ ।

নৱবৰ্ষৰ প্ৰাকক্ষণত মুক্তি শান্তনু কৌশিক আৰু হৰাদ্ৰি দীপাৰ কন্ঠৰে "মন মৰমী ২০২১"- 2


উক্ত গীতটিৰ পিছতে সমীৰণ মলয় কাম আৰম্ভ কৰিছে ‘জোনাকী’ শীৰ্ষক এটি সুমধুৰ গীতৰ । লগতে তেওঁ নিজ প্ৰডাকচনত আন কেইবাটাও গীত মুক্তিৰ পৰিকল্পনা কৰিছে। আনহাতে, ইটোৰ পিছত সিটো গীতৰ সৈতে জনসাধাৰণৰ কাষ চাপিবলৈ সাজু হৈ হোৱা কন্ঠশিল্পী হৰাদ্ৰি দীপাৰ নিৰ্মাণ হৈছে অনুৰাগীৰ শাৰী।আহিবলগীয়া সময়ত এই প্ৰতিভাসমূহৰ দ্বাৰা মুক্তি পাবলগীয়া গীত সমূহক লৈ অপেক্ষাৰত জনসাধাৰণ। চলিত বৰ্ষটোত বহু নতুন প্ৰস্তুতিৰে এওঁলোকৰ প্ৰচেষ্টাত ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform