Rupaliparda.com
দীপলিনা ডেকা আৰু নীলিম জ্যোতি গগৈৰ কন্ঠৰে মুক্তি লাভ "লাং ফাং"- 1

দীপলিনা ডেকা আৰু নীলিম জ্যোতি গগৈৰ কন্ঠৰে মুক্তি লাভ “লাং ফাং”-

আকৌ দীপলিনা ডেকা; দীপলিনা ডেকাৰ অনুৰাগীলৈ আন এক নতুন খবৰ। আহিবলগীয়া সময়ত দীপলিনা আৰু নীলিম জ্যোতি গগৈৰ কন্ঠৰে মুক্তি লাভ “লাং ফাং”। নীলিম জ্যোতি কথাৰে ৰচিত গীতটিত সুৰ দিছে বিদ্যুৎ বিকাশৰ লগতে নীলিম জ্যোতিয়ে নিজে। আনহাতে, শব্দ সংমিশ্ৰণ কৰিছে পিংকু দাসে। কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “দলিচা” ৰ ভিডিঅ’টোৰ পিছত আচলতে ইজন-সিজনকৈ আকৌ আগবাঢ়িছে দীপলিনাৰ অনুৰাগীৰ শাৰী। শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত “লাং ফাং” ক লৈ এটা পোষ্ট শ্বেয়াৰ কৰে কন্ঠশিল্পী গৰাকীয়ে। ইয়াৰ উপৰিও, মাঘ বিহুক লৈ উৎসাহিত সাধাৰণ জনৰ লগতে দীপলিনা ডেকাই এপাক বিহু নাচিও যেন অনুৰাগীলৈ জনাইছে শুভকামনা। মুঠতে, অনুৰাগীক আমোদ প্ৰদান কৰাৰ স্বাৰ্থত প্ৰত্যেকটো বাটতেই যেন খোজ দিছে দীপলিনাই। “ভবাই নাছিলো” আৰু “দলিচা” ৰ সফলতাৰ পিছত দীপলিনা ডেকাৰ আন এটা গীতৰ মুক্তিয়ে প্ৰত্যেককে উৎসাহিত কৰাতো সক্ষম হৈছে।


অসমীয়া শিল্পী সমূহৰ ভিতৰত দীপলিনা ডেকাই কৰা যিকোনো পোষ্ট কিছু মিনিটৰ ভিতৰত ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা যায়। আনকি, শিল্পীগৰাকীক “জাতীয় বা” হিচাপে ঘোষণা কৰিবলৈও একাংশ অনুৰাগীয়ে কমেন্ট যোগে প্ৰকাশ কৰে। এগৰাকী কন্ঠশিল্পী ৰূপত তেওঁ যিমানেই অনুৰাগীৰ প্ৰিয়; সমান্তৰালকৈ অনুৰাগী বোৰৰ বাবে প্ৰিয় তেওঁৰ অভিনীত চৰিত্ৰ সমূহো। শিল্পী গৰাকীয়ে অনুৰাগীৰ প্ৰশংসা ইমানেই লাভ কৰে যে তেওঁয়ো প্ৰায়ে প্ৰতিটো সময়তে অনুৰাগীৰ কাষ চাপিবলৈও প্ৰচেষ্টা কৰা দেখিবলৈ পোৱা যায়। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform