Rupaliparda.com
"কভাৰ গাৰ্ল" ৰাজশ্ৰী শইকীয়াৰ নতুন বছৰৰ ন-গীত "মন"- 1

“কভাৰ গাৰ্ল” ৰাজশ্ৰী শইকীয়াৰ নতুন বছৰৰ ন-গীত “মন”-

সংগীত শিল্পী বুলি ক’লে প্ৰত্যেকেই সদায় নতুনৰ সন্ধান কৰে; আনহাতে এগৰাকী কন্ঠশিল্পীৰ তাত আচলতে বহুতেই বিভিন্নতাৰ সন্ধান কৰে; সংগীত প্ৰেমী শ্ৰোতাৰ সোঁৱাদনুযায়ী ভিন্নতা প্ৰদান কৰি আপ্লুত কৰাও একোগৰাকী কন্ঠশিল্পী তথা সংগীতশিল্পীৰ কৰ্তব্য। “কভাৰ গাৰ্ল” ৰাজশ্ৰীৰ কন্ঠৰ সংজ্ঞাও সুঁকীয়া; প্ৰায় কেইবাটাও ভাষাত গীত গাবলৈ প্ৰয়াস কৰা ৰাজশ্ৰীৰ কন্ঠই সমাদৰো লাভ কৰে জনসাধাৰণৰ সমুখত। ২০১৫ চনৰ পৰা সংগীত ক্ষেত্ৰখনত অন্তৰ্ভূক্ত হোৱা কন্ঠশিল্পী ৰাজশ্ৰী শইকীয়াক এতিয়া চিনি নোপোৱা হয়টো বহু কমেই লোক ওলাব। নতুন বছৰত এটি নতুন গীতক লৈ সাজু হৈছে ৰাজশ্ৰী; তেওঁৰ এই গীতটিৰ এক সৰু টিজাৰ ইতিমধ্যে মুকলি কৰি দিয়া হৈছে জনাসাধাৰণৰ সমুখত। কন্ঠৰ লগতে ৰাজশ্ৰীৰ গীতৰ বিভিন্নতাই যে তেওঁৰ অনুৰাগীৰ শাৰী দীঘলীয়া কৰিছে সেয়া একাষাৰে কয় দিলেও হয়টো অতিৰঞ্জিত নহ’ব। আনকি, বিগত বৰ্ষৰ মাজভাগতেই মুক্তিপ্ৰাপ্ত তেওঁৰ থলুৱা তথা ঝুমুৰৰ সোঁৱাদেৰে নিৰ্মিত “অ ধ্বনি” শীৰ্ষক গীতটিয়েও লাভ কৰিছিল জনপ্ৰিয়তা।


ৰাজশ্ৰী শইকীয়াৰ আগন্তুক গীত “মন” ক কন্ঠশিল্পী গৰাকীৰ ব্যক্তিগত ইউটিউব চেনেলযোগে মুকলি কৰি দিয়া হ’ব। সৰুৰ পৰা মাতৃৰ সৈতে বহি সংগীত চৰ্চা কৰা ৰাজশ্ৰীৰ “মন” গীতটিক নিজ কথাৰে সুন্দৰকৈ সজাইছে জগত প্ৰীতম ভৰালীয়ে; আনহাতে, ইয়াত সংগীত দিছে ইতিমধ্যে কেইবাটাও গীতক নিজ সংগীতেৰে সুন্দৰ তথা গ্ৰহণযোগ্য কৰি তোলা সংগীতশিল্পী ত্ৰিদীব কাকতিয়ে। গীতটিত গীতাৰ বজাইছে কৌস্তভ মণি ফুকনে আৰু শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই। চলিত মাহৰ ২৭ তাৰিখে মুক্তি লাভ কৰিব গীতটিয়ে। জনসাধাৰণক নিত্য নৈমিত্তিক ব্যস্ততাৰ পৰা আঁতৰি কিছু সময় জিৰণিৰ বাবদ তেওঁলোকক প্ৰয়োজন হয় এক সুমধুৰ গীতৰ। গতিকে, এনেক্ষেত্ৰত কৰা এওঁলোকৰ প্ৰয়াস লেখত ল’বলগীয়া।

"কভাৰ গাৰ্ল" ৰাজশ্ৰী শইকীয়াৰ নতুন বছৰৰ ন-গীত "মন"- 2


ৰাজশ্ৰী শইকীয়াৰ গীতত থকা ব্যতিক্ৰমী ভাৱক নুই কৰিব পৰা নাযায়। তেওঁৰ আগন্তুক প্ৰকল্পৰ সমূহৰ বাবে ৰূপালীপৰ্দাইও জনাইছে অশেষ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.