Rupaliparda.com
"এয়া মোৰ বাবে বহুত ডাঙৰ কথা, সোভাগ্যৰ কথা"- ৰিচা ভৰদ্বাজ 1

“এয়া মোৰ বাবে বহুত ডাঙৰ কথা, সোভাগ্যৰ কথা”- ৰিচা ভৰদ্বাজ

“বাৰীতে মাৰিম পাক; বিচাৰি আনিম শাক” শাৰীটো ছাগে কোনটো গীতৰ কোন গৰাকী কন্ঠশিল্পী সুমধুৰ কন্ঠৰে নিগৰিত হৈছে সেয়া হয়টো নক’লেও বুজিব পাৰিছে। ঠিকেই, “মৰমে টানিছে” শীৰ্ষক এই গীতটি মুক্তিৰ সমান্তৰালকৈ ই লাভ কৰিছে বহুল সফলতা। জনসাধাৰণৰ মৰম তথা চচিয়েল মিডিয়াত ক্ষন্তেকতে ভাইৰেল হোৱা চলিত বৰ্ষৰ প্ৰথমটো অসমীয়া গীত ৰূপেও পৰিগণিত হৈছে ৰিচা ভৰদ্বাজৰ “মৰমে টানিছে”। এই গীতটিৰ শেহতীয়াকৈ লিৰিকেল ভিডিঅ’টো মুক্তি লাভ কৰিছে যদিও গীতটিৰ জনপ্ৰিয়তা নুই কৰিব পৰা নাযায়। গীতটিৰ মুক্তিৰ পিছতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা ৰিচা ভৰদ্বাজৰ সৈতে আমি পাতিছিলো কিছু এক্সক্লুচিভ কথা-বতৰা। সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত কন্ঠশিল্পী গৰাকীয়ে কয় যে, “আৰম্ভণি বুলি ক’বলৈ গ’লে আচলতে মই সৰুৰ পৰাই গান গাওঁ; স্কুলত পঢ়ি থকা সময়ৰে পৰা মই সংগীতৰ সৈতে জড়িত। জ্যোতি সংগীত, ৰাভা সংগীত অথবা যিকোনো সংগীতৰ প্ৰতিযোগিতাই নহওঁক কিয়! পুৰষ্কাৰ পাওঁ নে নাপাওঁ মই সেইবোৰলৈ মন নিদি কেৱল যোগদান কৰিবলৈ আগ্ৰহী আছিলো; গতিকে সেয়াই মোৰ আৰম্ভণি আছিল।”


“মৰমে টানিছে” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তাৰ বিষয়ে কি ক’ব বুলি সোধাত তেওঁ কয় যে, “মৰমে টানিছে” গীতটিক ইমান কম সময়তে শ্ৰোতা-দৰ্শকে ইমান বেছি মৰম দিছে যে সেই অনুভৱটোক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো। যেতিয়া মই গীতটিৰ প্ৰমো’ মুক্তি দিছিলো তেতিয়াই মোক বহুখিনি লোকে ফোন কৰিছিল, মেছেজ দিছিল যে গানটো সোনকালে মুকলি কৰি দিব লাগে। আৰু, যেতিয়া মই গানটো মুক্তি দিলো তেতিয়া দুদিনতে “মৰমে টানিছে” য়ে লাভ কৰিছে ৫ লাখতকৈ অধিক ভিউৱাৰচ; এয়া মোৰ বাবে বহুত ডাঙৰ কথা, সোভাগ্যৰ কথা। মোৰ এতিয়াও সপোন যেনেই লাগি আছে যে অসমৰ ৰাইজে মোক ইমান মৰম দিছে। তেওঁলোকৰ এনে মৰমে আচলতে মোকো উৎসাহিত কৰিছে যে মইও আহিবলগীয়া সময়ত আৰু ভাল-ভাল প্ৰকল্পৰ সৈতে তেওঁলোকৰ কাষ চাপিবলৈ সক্ষম হ’ম। মাত্ৰ এটাই আশাই কৰিছো যাতে ৰাইজে এতিয়াৰ দৰেই মোক মৰম, আশীৰ্বাদ দি যাওঁক আৰু অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে মই কাম কৰি যাওঁ।”

"এয়া মোৰ বাবে বহুত ডাঙৰ কথা, সোভাগ্যৰ কথা"- ৰিচা ভৰদ্বাজ 2
"এয়া মোৰ বাবে বহুত ডাঙৰ কথা, সোভাগ্যৰ কথা"- ৰিচা ভৰদ্বাজ 3


আগলৈ তেওঁ কয় যে, “এইখিনিতে মই কেইগৰাকী মান ব্যক্তিৰ নাম ল’বই লাগিব যাৰ বাবে আজি মোৰ সপোনটো সফল হোৱাত সক্ষম হৈছে। “মৰমে টানিছে” গীতটি সুন্দৰকৈ কথা দিয়াৰৱলগতে সুৰ দিছে চিন্ময় কৌশিক আৰু জয় নিৰ্বাণে। গীতটিত সংগীত দিয়াৰ উপৰিও শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্ত দাই। তেওঁলোকৰ অবিহনে এইখিনি সম্ভৱ নহ’লহেঁতেন গতিকে এওঁলোকৰ ওচৰত মই চিৰকৃতজ্ঞ। আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত ৰিচাই কয় যে, “মৰমে টানিছে” ৰ পিছতেই মোৰ আন এটা গীত “পৰিলো তোমাৰে প্ৰেমত” শীৰ্ষক এটি খুব ৰোমান্টিক গীত ৰাইজৰ কাষ চাপিবলৈ সাজু হৈছে। তাৰ পিছতেই, এটি বিহু গীতৰ পৰিকল্পনা কৰি আছো যিহেতু বহাগ বিহুয়ো আহি আছে। আনহাতে, মই সংগীতৰ লগতে অভিনয় কৰিয়ো ভাল পাওঁ। ৰং চেনেলত সম্প্ৰচাৰ হ’বলগীয়া ধাৰাবাহিক “সপোনৰ ডেউকা” ত হয়টো অহা মাহৰ পৰা মোক দেখিবলৈ পাব দৰ্শকে।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform