Rupaliparda.com
পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা "উপসৰ্গ"- 1

পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা “উপসৰ্গ”-

“বিউটিফুল লাইফজ” ছবিখনৰ পৰিচালক কংকন ডেকাৰ আকৌ এক নতুন পৰিকল্পনা। ক’ভিডৰ পিছতেই আমি অসমীয়া কেইবাখনো ছবিৰ মুক্তিৰ খবৰ লাভ কৰিছো; যিকেইখনৰ উপভোগ্য বিষয়বস্তুয়ে ইতিমধ্যে জনসাধাৰণক উৎসাহিত কৰি তোলাত সক্ষম হৈছে। মুঠতে, অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনে প্ৰায় ৮-৯ মাহৰ স্তব্ধতাৰ পিছত শুনিবলৈ পোৱা সু-খবৰ বোৰে বাৰুকৈয়ে আকৰ্ষণ কৰিছে চলিচত্ৰ প্ৰেমী দৰ্শক সকলকো। কংকন ডেকাৰ পৰিচালনা, প্ৰযোজনা তথা কাহিনী, চিত্ৰনাট্য আৰু তেওঁৰেই সংলাপেৰে নিৰ্মিত আন এখন ছবি “উপসৰ্গ” ক লৈ এইবাৰ অপেক্ষাৰত দৰ্শক। সম্প্ৰতি পৰিস্থিতিৰ বাবে যদিও ছবিখনক থিয়েটাৰত মুক্তি দিয়াৰ পৰা বিৰত থাকিব তথাপিও বিভিন্ন চলচিত্ৰ সমাৰোহলৈ ছবিখনক প্ৰেৰণৰ চিন্তা-চৰ্চা কৰিছে বৰ্তমান পৰিচালক কংকন ডেকাই। দুজন বাল্যবন্ধু ক্ৰমে কিংকৰ আৰু অনিলৰ জীৱন পৰিক্ৰমাক লৈয়ে নিৰ্মাণ কৰি উলিওৱা হৈছে “উপসৰ্গ”। ইয়াৰে অনিল হৈছে বেণ্ডপাৰ্টীৰ মাজৰ এগৰাকী আৰু তেওঁ আৰ্থিক সমস্যাত বিৰাম লগোৱাৰ স্বাৰ্থত কেতিয়াবা ৰাজমিস্ত্ৰীৰ সহায়ক হিচাপেও জীৱন নিৰ্বাহ কৰে। আনহাতে, কিংকৰ হৈছে ওজাপালিৰ ওজা যিয়ে ককায়েকৰ সৈতে হোৱা মতবিৰোধৰ বাবে চাপৰিলৈ উঠি আহি তাতেই খেতি-বাতি কৰি নিজ জীৱন নিৰ্বাহ কৰি আছে। ছবিখনত এই দুই চৰিত্ৰৰ উপৰিও থকা আন এটা চৰিত্ৰ হৈছে এজন বোঁবাৰ যি ব্ৰইলাৰ ফ্ৰামত কৰ্মৰত। আনহাতে, ছবিখনত থকা আন এগৰাকী গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে ৰেণুৱে; ৰেণুৱে ছবিখনত এগৰাকী ঘৰে ঘৰে কাপোৰ বিক্ৰী কৰা মহিলাৰ চৰিত্ৰ ৰূপায়ন কৰিছে।

পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা "উপসৰ্গ"- 2
পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা "উপসৰ্গ"- 3


পৰিচালক গৰাকীয়ে জনোৱা মতে, কিংকৰ ৰেণু চৰিত্ৰটোৰ প্ৰতি আকৰ্ষিত হৈ পৰে ছবিখনত। ঘটনা প্ৰসংগত পিছলৈ তিনিটা চৰিত্ৰ ক্ৰমে কিংকৰ, অনিল আৰু ব্ৰয়লাৰ ফ্ৰামত কৰা কৰা বোঁবা গৰাকীয়ে নিজ জীৱনৰ কষ্ট, সংগ্ৰাম ইত্যাদিক মাৰ খেদোৱাৰ উদ্দেশ্যে কম সময়তে টকা উপাৰ্জনৰ পথ বাচি লোৱাৰ পৰিকল্পনা কৰে আৰু এই পৰিকল্পনাত কিংকৰে ৰেণুকো অন্তৰ্ভূক্ত কৰিবলৈ বিচাৰে। এতিয়া এই পৰিকল্পনা কি? আৰু এই পৰিকল্পনা কেনেদৰে আগবাঢ়িব এই সকলোবোৰৰ যোগেদিয়ে আগবাঢ়িয়ে “উপসৰ্গ” ৰ কাহিনীভাগ। উল্লেখ্য যে, ছবিখনৰ দৃশ্যগ্ৰহণ মংগলদৈৰ পৰা কিছু নিলগত থকা নিজ ৰঙামাটি নামে ঠাইডোখৰত কৰা হৈছে আৰু “উপসৰ্গ” ছবিখন গাওঁখনৰেই নিবাসী সকলক লৈ নিৰ্মাণ কৰি উলিয়াইছে। সমান্তৰালকৈ ছবিখনত মূখ্য চৰিত্ৰ কিংকৰ নাথ নিজেই এগৰাকী প্ৰকৃততে ওজাপালি। পৰিচালক গৰাকীয়ে ছবিখনৰ দ্বাৰা অসমীয়া দৰ্শকক গ্ৰাম্যঞ্চল প্ৰকৃতিৰ নিভাঁজ সুন্দৰ সোঁৱাদৰ লগতে ছবিখনৰ কাহিনীভাগত কমেডী আৰু থ্ৰীলাৰৰ সংমিশ্ৰণ কৰাৰো চেষ্টা কৰিছে। কিংকৰ নাথৰ বাহিৰেও ছবিখনত অভিনয় কৰিছে ক্ৰমে অনিল নাথ, চন্দন কাশ্যপ, ৰাজশ্ৰী শৰ্মা, নীলিমা ডেকা, জগদীশ আৰু উক্ত গাওঁখনৰেই কেইবাগৰাকীও অভিনয়ৰ প্ৰতি আগ্ৰহী ন-ন কলা-কুশলী। “উপসৰ্গ” ছবিখনৰ বহু চৰিত্ৰই পোন প্ৰথমবাৰৰ বাবে কেমেৰাৰ সন্মুখীন হৈছে যদিও ছবিখনৰ যোগেৰে অভিনেতা-অভিনেত্ৰী সকলৰ প্ৰকৃত ভংগিমা ফুটি উঠিছে বুলি আশাবাদী পৰিচালক কংকন ডেকা।

পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা "উপসৰ্গ"- 4
পৰিচালক কংকন ডেকাৰ নতুন পৰিকল্পনা "উপসৰ্গ"- 5


পোষ্ট-প্ৰডাকচনত ব্যস্ত “উপসৰ্গ” ৰ কাহিনীভাগে ইতিমধ্যে জনসাধাৰণক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। “উপসৰ্গ” ৰ সমগ্ৰ কলা-কুশলীক ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform