Rupaliparda.com
হেভী বাজেটেৰে বলীউডত নিৰ্মাণ হ'ব "ৰামায়ণ"; থাকিব দীপিকা পাডুকন আৰু ঋত্বিক ৰোশনঃ 1

হেভী বাজেটেৰে বলীউডত নিৰ্মাণ হ’ব “ৰামায়ণ”; থাকিব দীপিকা পাডুকন আৰু ঋত্বিক ৰোশনঃ

অভিনেতা ঋত্বিক ৰোশন আৰু অভিনেত্ৰী দীপিকা পাডুকনক এইবাৰ পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পোৱা যাব “ফাইটাৰ” শীৰ্ষক ছবিখনত। ছবিখনৰ নিৰ্দেশনা সিদ্ধাৰ্থ আনন্দৰ; “ফাইটাৰ” ত এটা নতুন যুঁটিক দেখিবলৈ পোৱা যাব বাবেই আচলতে অপেক্ষাৰত দৰ্শক। ইয়াৰ উপৰিও, দৰ্শকৰ বাবে আহিছে এক নতুন ভাল খবৰ। মহাকাব্য “ৰামায়ণ” ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হ’ব এখন বলীউডৰ ছবি; য’ত ৰামৰ চৰিত্ৰ ৰূপায়ন কৰিব ঋত্বিক ৰোশনে লগতে সীতাৰ চৰিত্ৰ ৰূপায়ন কৰিব দীপিকা পাডুকনে। মধু মন্টেনাৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নিৰ্মাণ থ্ৰী-ডিত কৰা হ’ব আৰু ছবিখনৰ বাজেট হ’ব ৩০০ কোটি টকাতকৈও অধিক। ছবিখনৰ দ্বাৰা পৰিচালক গৰাকীয়ে মহাকাব্য খনৰ প্ৰতিটো দৃশ্যৰ যথাৰ্থতা আৰু উদ্দেশ্যক উপস্থাপন কৰিবলৈ চেষ্টা কৰিব বুলি ইতিমধ্যে জানিব পৰা গৈছে। ছবিখনৰ নিৰ্দেশনা নিখিল দ্বিৱেদীৰ যিয়ে বৰ্তমানলৈ “ডংগল” তথা “ছিছোৰে” ইত্যাদি ছবিৰ নিৰ্দেশনা কৰিছে। “ফাইটাৰ” ছবিখনৰ দ্বাৰা দেখিবলৈ পোৱা ঋত্বিক আৰু দীপিকাৰ যুঁটিটোক আকৌ এবাৰ আন এখন এনে ধৰণৰ ছবিত দেখা পোৱাৰ আশাত বৰ্তমান অনুৰাগীও হৈছে উৎসাহিত।

হেভী বাজেটেৰে বলীউডত নিৰ্মাণ হ'ব "ৰামায়ণ"; থাকিব দীপিকা পাডুকন আৰু ঋত্বিক ৰোশনঃ 2


ছবিখনৰ সৈতে জড়িত এগৰাকী ব্যক্তিয়ে কয় যে, “এয়া বৰ গম্ভীৰ সময়; ৰামায়ণৰ সৈতে জড়িত প্ৰতিটো প্ৰকৰণক সুন্দৰকৈ উপস্থাপনত গুৰুত্ব প্ৰদানৰ ব্যৱস্থা কৰিব লাগিব। মধু মহেন্তাই ছবিখনক লৈ যথেষ্ট গৱেষণা কৰিবলৈ আৰম্ভ কৰিছে। ঋত্বিক ৰোশন আৰু দীপিকা পাডুকন দুয়োগৰাকীয়ে ইণ্ডাষ্ট্ৰীৰ একোগৰাকী সুদক্ষ তাৰকা; তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও যথেষ্ট দীঘলীয়া।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.