Rupaliparda.com
"নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব"- কৰিশ্মা পূজাৰী 1

“নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব”- কৰিশ্মা পূজাৰী

শেহতীয়াকৈ অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত বহুকেইখন নতুন মুখ আৰু নতুন প্ৰতিভা আমি দেখিবলৈ পাইছো। স্কুলীয়া তথা কলেজীয়া শিক্ষাৰ সমান্তৰালকৈ তেওঁলোকৰ মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি থকা আগ্ৰহে তেওঁলোকক লৈ দৰ্শকক আৰু অধিক আকৰ্ষিত কৰি ৰখাত সক্ষম হৈছে। ইতিমধ্যে নাটক সমূহত লগতে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত এটি অসমীয়া গীত “প্ৰীতিৰ সুঁতি” ত দেখিবলৈ পোৱা এগৰাকী প্ৰতিভাৰ গৰাকীয়ে অনুৰাগীৰ সৃষ্টি কৰিছে চচিয়েল মিডিয়াত। তেওঁক অনাগত দিনত আন ভিন্ন প্ৰকল্পৰ সৈতে চাবলৈও ইতিমধ্যে বাট চাই ৰৈছে একাংশ অসমীয়া মনোৰঞ্জন প্ৰেমী দৰ্শক। এইগৰাকী অভিনেত্ৰী কৰিশ্মা পূজাৰীৰ সৈতে ৰূপালীপৰ্দাৰ তৰফৰ পৰা মই ৰীমা দত্তই পাতিছিলো কিছু এক্সক্লুচিভ কথা-বতৰা। অভিনয় ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে প্ৰশ্ন কৰাত কৰিশ্মাই কয় যে, “আন দহজন শিশুৰ দৰে মোকো মায় সৰুতেই মঞ্চত উঠাই দিছিল; তেতিয়া মোৰ বয়স তিনি বছৰ ছয় মাহ যেতিয়া মই মঞ্চত প্ৰথমবাৰৰ বাবে বিহু নাচিছিলো। আচলতে, মোৰ বাই বিহু নাচিছিল আৰু বাৰ লগতে মইও মেখেলা- চাদৰ পিন্ধি নাচিবলৈ ঠেহ জুৰিছিলো। তেনেকৈয়ে একক অভিনয়, আবৃত্তি, নৃত্য আদিত ভাগ লৈ লৈ ভয় আৰু ফুৰ্টিৰে এই মঞ্চখনৰ প্ৰেমত পৰিছিলো । কেতিয়াৰ পৰা অভিনয়ৰ আৰম্ভণি বুলি প্ৰশ্ন কৰিলে চিধাকৈ ক’বলৈ টান হয় যদিও ২০০৭ চনত মোৰ প্ৰথম নাটক “ফৰিং” ৰ ৰাজ সিংহাসন লাভ আৰু মই দুৱৰীৰ চৰিত্ৰ এটা ৰূপায়ন কৰিছিলোঁ ক্লাছ ফাইভ ত পঢ়ি থাকোতে । তেতিয়াৰ পৰা আজিলেকে শিকি আছোঁ, কৰি আছোঁ।”

"নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব"- কৰিশ্মা পূজাৰী 2
"নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব"- কৰিশ্মা পূজাৰী 3


অভিনয় কৰিশ্মা পূজাৰীৰ নিচা নে পেচা বুলি সোধাত তেওঁ কয় যে, “অভিনয় মোৰ উশাহ; প্ৰথমে নিচা আছিল। জীয়াই থকাৰ তাৰণাত যিহেতু অভিনয় কৰি আছোঁ গতিকে ই নিজে নিজেই পেছালৈ পৰিৱৰ্তিত হৈ পৰিল।” ইয়াৰ লগতে, নৱপ্ৰজন্মৰ এই অভিনেত্ৰী গৰাকীৰ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “আহিবলগীয়া সময়ৰ প্ৰকল্প বুলি ক’লে কিছু কামৰ বাবে কথা চলি আছে। ইয়াৰ বাহিৰে ওযদি ব্যক্তিগত ভাৱে ক’ব যাওঁ তেতিয়াহ’লে আমাৰ “Nora Bright” ৰ প্ৰযোজনাত এটা অকণ পৃথক ধৰণে কাম কৰাৰ বাবে আয়োজন কৰি আছোঁ; নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব । প্ৰকল্প বুলি ডাঙৰ একো এতিয়ালৈ নাই যদিও , নতুন নতুন চৰিত্ৰ সঁজাই ভালপাও যিহেতু ভাল প্ৰকল্পৰ লগত জড়িত হবলৈ মই সদাই আগ্ৰহী। আনহাতে, পৰিচালক কল্পজ্যোতি দাস দাৰ আন এক প্ৰকল্প Movie Mafia ৰ আহিবলগীয়া চিৰিজ “Romeo In জেং” ত এক বিশেষ চৰিত্ৰত দেখিবলৈ পাব মোক ৰাইজে। চাওঁচোন আগলৈ কেনেদৰে আগবাঢ়িব পাৰো।”

"নিজক আৱিষ্কাৰৰ এটা অহৰহ প্ৰচেষ্টা সদায় চলি আছে, চলি থাকিব"- কৰিশ্মা পূজাৰী 4


কৰিশ্মা পূজাৰী আহিবলগীয়া সময়ৰ এগৰাকী দৰ্শকৰ প্ৰিয় অভিনেত্ৰী ৰূপে স্বীকৃতি লাভ কৰিব বুলি অৱশ্যে একাষাৰে কৈ দিব পৰা যায়; অভিনয়ৰ প্ৰতি সাংঘাতিক শ্ৰদ্ধা আৰু আদৰে আচলতে এওঁলোকৰ দৰে একোজন নৱপ্ৰজন্মক দৰ্শকৰ ওচৰত অধিক গ্ৰহণযোগ্য কৰি তোলে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform