Rupaliparda.com
বিবাহৰ লগতে বৰ্ষাৰাণী বিষয়া-ভাস্কৰ বৰুৱাৰ ফটোৱেহে লাভ কৰিছে চৰ্চাঃ 1

বিবাহৰ লগতে বৰ্ষাৰাণী বিষয়া-ভাস্কৰ বৰুৱাৰ ফটোৱেহে লাভ কৰিছে চৰ্চাঃ

অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ বিবাহৰ প্ৰসংগ চলি থকাৰ মাজতেই এতিয়া চাৰিওফালে অভিনেত্ৰী গৰাকীৰ বহুল চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে। ২২ ফেব্ৰুৱাৰী তাৰিখে বিবাহ পাশত আৱদ্ধ হ’ব বৰ্ষা ৰাণী বিষয়া। যোৰহাট নিৱাসী ভাস্কৰ বৰুৱাৰ হাঁহিৰ লগতে শেহতীয়াকৈ চচিয়েল মিডিয়াত অভিনেত্ৰী গৰাকীয়ে আপলোড দুখন ফটোৱেহে লাভ কৰিছে চৰ্চা; ইনষ্টাগ্ৰামত আপলোড কৰা এই ফটো দুখনত অইন অভিনেতা-অভিনেত্ৰীয়ে বৰ্ষাক আহিবলগীয়া বৈবাহিক জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ উপৰিও অইন একাংশ অনুৰাগীয়ে তেওঁলোকৰ যুঁটিটো ভাল লগা বুলিও কয়।প্ৰথম বিবাহৰ কিছুদিন পিছতেই মৃত্যুক সাৱটিছিল তেওঁৰ স্বামীয়ে; তাৰ পিছত এক অকলশৰীয়া জীৱনক সাৱটি লৈয়েই আগবাঢ়িছিল অভিনেত্ৰী গৰাকী। শেহতীয়াকৈ তেওঁৰ ফালৰ পৰা অহা এই সু-খবৰে প্ৰত্যেককে উৎসাহিত কৰি তোলাত সক্ষম হৈছে।


এইখিনিতে, আন এক উল্লেখযোগ্য কথা এয়াও যে প্ৰথম স্বামীৰ পিতৃ-মাতৃয়ে এইবাৰ বৰ্ষাৰাণীৰ দ্বিতীয় বিবাহৰ কন্যাদান কৰিব।আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.