Rupaliparda.com
"মই ভিউৱাৰচৰ অংকৰ বাহিৰে নিজ আত্মসন্তোষ্টিতহে বেছি গুৰুত্ব দিম"- বিদিশা দেৱী 1

“মই ভিউৱাৰচৰ অংকৰ বাহিৰে নিজ আত্মসন্তোষ্টিতহে বেছি গুৰুত্ব দিম”- বিদিশা দেৱী

যুৱপ্ৰজন্মৰ বৰ্তমানৰ প্ৰতিভাসমূহ আচলতে আমি কয় শেষ কৰিব নোৱাৰো; এওঁলোকৰ একোটা একোটা সৃষ্টিয়ে প্ৰত্যেককে উৎসাহিত কৰাৰ লগতে তেওঁলোকৰ অনুৰাগীৰ এখন দীঘলীয়া শাৰীও প্ৰস্তুত কৰি তুলিছে। এনে নৱপ্ৰজন্মৰ এগৰাকী কন্ঠশিল্পীৰ নাম হৈছে বিদিশা দেৱী; “তুমি অজানা” শীৰ্ষক গীতটিৰ জনপ্ৰিয়তাৰ সমান্তৰালকৈ কন্ঠশিল্পী বিদিশাৰো জনপ্ৰিয়তাও এতিয়া নুই কৰিব পৰা নাযায়। আমি এইগৰাকী কন্ঠশিল্পীৰ সৈতে পাতিছিলো কিছু এক্সক্লুচিভ কথা বতৰা; তেওঁ সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ প্ৰশ্নৰ উত্তৰত বিদিশাই কয় যে, “মই সৰুৰ পৰা সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত বুলি ক’লেও আচলতে ভুল কোৱা নহ’ব। মোৰ মা ঢেঁকীয়াজুলি কলেজৰ এসময়ৰ শ্ৰেষ্ঠ কন্ঠশিল্পী আছিল আৰু আনহাতে মোৰ দেউতাই মোক পূৰণি গীত সমূহ শুনাৰ অথবা গোৱাৰ এক অভ্যাস গঢ় দিছিল; গতিকে মই সৰুৰ পৰা এটা সাংগীতিক পৰিৱেশ লাভ কৰিবলৈ সক্ষম হৈছিলো। পেছাগত ভাৱে যদিও জড়িত হোৱা নাছিলো তথাপিও সৰুৰ পৰাই মই মাৰ সান্নিধ্যত গীত শিকিবলৈ আৰম্ভ কৰিছিলো। তাৰ পিছত মই মোৰ শিক্ষাগত জীৱনত স্কুল, কলেজত পঢ়ি থকা অৱস্থাত ভিন্ন সংগীত প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিছিলো। পিছলৈ মই তেজপুৰ বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাতো সংগীত প্ৰতিযোগিতাত অংশ্ৰগ্ৰহণ কৰিছিলো। Western Vocal শিকা পিছতহে মই ক্লাচিকেল গীতৰ শিক্ষা লৈছিলো প্ৰদ্যুৎ মিশ্ৰ ছাৰৰ পৰা।”


আগলৈ তেওঁ কয় যে, “গুৱাহাটীলৈ আহি মই মোৰ প্ৰথমটো গীত “তুমি অজানা” ক মুক্তি দিছিলো।” এটি গীতৰ সফলতা/বিফলতা কি বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এটা গীতৰ সফলতা অথবা বিফলতা কি বুলি কৈ দিলে মই একাষাৰে সেই কথাটো কৈ দিব নোৱাৰো। কিন্তু মোৰ মতে, এটা গীত তেতিয়াই সফল যেতিয়া এজন শ্ৰোতাই সেই গীতটি শুনা পিছত নিজৰ কোনো এটা মূহুূৰ্ত গীতটিৰ সৈতে সংযোগ কৰিব পাৰে অথবা নিজৰ মন-মগজুত গীতটোৰ নিজ এখন দৃশ্যৰ উপস্থাপন কৰিব পাৰে। এইখিনিতে মই আন এক কথা এয়াও ক’ম যে, বৰ্তমান সময়ত ভিউৱাৰচৰ মহত্ব বেছি কিন্তু যদিহে এটি গীতত কন্ঠদান কৰি মই আত্মসন্তোষ্টি লাভ কৰিছো তেতিয়াহ’লে মই ভিউৱাৰচৰ অংকৰ বাহিৰে নিজ আত্মসন্তোষ্টিতহে বেছি গুৰুত্ব দিম। বৰ্তমানৰ প্ৰতিজন কন্ঠশিল্পীয়ে এনে এক ভাৱ-ধাৰা ৰখাটো মই বিচাৰো।”

"মই ভিউৱাৰচৰ অংকৰ বাহিৰে নিজ আত্মসন্তোষ্টিতহে বেছি গুৰুত্ব দিম"- বিদিশা দেৱী 2
"মই ভিউৱাৰচৰ অংকৰ বাহিৰে নিজ আত্মসন্তোষ্টিতহে বেছি গুৰুত্ব দিম"- বিদিশা দেৱী 3


বিদিশা দেৱীৰ মতে শিল্পীৰ সংজ্ঞা জানিব বিচৰাত তেওঁ কয় যে, “শিল্পী” ৰ এক নিৰ্দ্দিষ্ট সংজ্ঞা দি দিবলৈ অলপ অসুবিধা হয়। শিল্পৰ সৈতে জড়িত তথা কলাৰ সাধক সকলেই হৈছে একো একোজন শিল্পী; সাংস্কৃতিক বুলিয়ে নহয় আমাৰ সমাজৰ প্ৰতিজন কলাৰ সাধকেই হৈছে শিল্পী। ইয়াৰ উপৰিও, একোটা কলাক নিজৰ সৈতে সামৰি ৰাইজৰ মাজত বিলাই দিয়াৰ চেষ্টা কৰোতাজনেই হৈছে আচলতে এজন শিল্পী; সেয়া নৃত্য,অভিনয় তথা একোজন মূৰ্তি নিৰ্মাণকাৰীও হ’ব পাৰে। সেয়াই হৈছে এগৰাকী “শিল্পী”।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform