খোলা চকুৰে দেখা সপোন বোৰ বাৰু সাৰ্থক হ’লে কেনে অনুভৱ হয়; নিশ্চয় ভাল লাগে নহয়নে! অসমীয়া ছবি “জোনাকী পৰুৱা (FireFlies)” ৰ ক্ষেত্ৰতো অৱশ্যে তেনেই হৈছে; প্ৰাগ চিনে এৱাৰ্ড ২০২১ ত মুঠ ১২ টা শিতানৰ ৫ টা শিতানত ছবিখনে লাভ কৰিছে বঁটা। শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ নৱাগত পৰিচালকৰ লগতে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ শব্দৰ শিতানত ছবিখনে লাভ কৰিছে বঁটা। ছবিখনৰ এনে সফলতাই আচলতে প্ৰতিজন দৰ্শকক আপ্লুত কৰি তুলিবলৈ সক্ষম হৈছে। প্ৰকাশ ডেকাৰ দ্বাৰা পৰিচালিত “জোনাকী পৰুৱা” ছবিখন ডিজিটেল প্লেটফৰ্ম “Moviesaints.com” ত উপলদ্ধ; ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰা এই ছবিখনে মুক্তিৰ পিছৰে পৰাই দৰ্শকৰ ইমানেই সঁহাৰি তথা প্ৰশংসা লাভ কৰিছে যে তাক একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। বাণিজ্যিক দিশটোৰ পৰা ফালৰি কাটি এনে কিছুমান ছবি আৰু এনে কিছুমান বিষয়বস্তুক লৈ উপস্থাপন কৰা একোখন ছবিৰ সম্প্ৰতি সমাজ ব্যৱস্থাত প্ৰয়োজন।


“সমকামিতা” ৰ কনচেপ্টক হৃদয়ংগম কৰি ৰাইজৰ মাজত এনেদৰে এখন ছবি উলিয়াই অনাটো প্ৰশংসনীয়; সেইবাবেই হয়টো ছবিখনেও জনসাধাৰণৰ বহুল ধ্যান আকৰ্ষণত সক্ষম হৈছে। মুঠ ৫ টাকৈ গুৰুত্বপূৰ্ণ বঁটাৰ বিজয়ী মুকুত পিন্ধা প্ৰকাশ ডেকাৰ “জোনাকী পৰুৱা” ৰ এই সুখবৰে উৎসাহিতও কৰি তুলিছে অনুৰাগীক। বেঞ্জামিন দৈমাৰী, পলাশ মেছ, বিটপী দত্ত, নিবেদিতা কলিতা, মানস ৰঞ্জন আৰু আন বহুকেইজন ন-পূৰণি শিল্পীৰ সমাহাৰ ঘটিছিল এই ছবিখনত। ছবিখনৰ কাহিনী প্ৰকাশ ডেকাৰ লগতে ছবিখনৰ প্ৰযোজনা মিলিন দত্ত আৰু Vortex Films ৰ। আহিবলগীয়া সময়ত পৰিচালক প্ৰকাশ ডেকাৰ তৰফৰ আন একাংশ সফল ছবিৰ আশা কৰে চলচিত্ৰ প্ৰেমী জনসাধাৰণে।
“জোনাকী পৰুৱা” ৰ সফলতা আৰু পৰিচালক প্ৰকাশ ডেকাক আমাৰ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো অশেষ শুভকামনান
Add comment