Rupaliparda.com
এইবাৰ বাবু বৰুৱাৰ "কি মৰম দিলা?"- 1

এইবাৰ বাবু বৰুৱাৰ “কি মৰম দিলা?”-

কন্ঠশিল্পী বাবু বৰুৱাৰ কন্ঠৰে মুক্তি লাভ কৰিব আন এটা নতুন গীত “কি মৰম দিলা”। গীতটিৰ আন একো তথ্য সমুখলৈ অহা নাই যদিও গীতটিক লৈ তেওঁৰ অনুৰাগী অপেক্ষাৰত। কিছুদিন পূৰ্বে বাবুৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “Bad Boy” শীৰ্ষক গীতটিৰ সমালোচনা কৰিছিল বহুতে; ইয়াৰ উপৰিও গীতটিক ৰাজকুমাৰৰ একাংশ গীতৰ সৈতেও কৰা হৈছিল তুুলনা। ৰাজনীতিত যোগদান কৰা পিছতেই বাবু বৰুৱাৰ এটাৰ পিছত আন এটা নতুন গীতৰ মুক্তি পাবলৈ গৈ আছে। বিগত বৰ্ষত কংগ্ৰেছ দলত যোগদান কৰা এই কন্ঠশিল্পী গৰাকীক কিছুদিন পূৰ্বে সমালোচনা কৰা হৈছিল চচিয়েল মিডিয়াত। কন্ঠশিল্পী গৰাকীৰ ৰাজনীতিত যোগদান কৰা কাৰ্যই আচলতে হতাশো কৰি তুলিছিল তেওঁৰ অনুৰাগীক। কিন্তু বৰ্তমান কন্ঠশিল্পী গৰাকী ব্যস্ত তেওঁৰ আগন্তুক গীতৰ পৰিকল্পনাক লৈ।


১৯৭০ চনত জন্মগ্ৰহণ কৰা বাবুৰ প্ৰকৃত নাম হৈছে কুমুদ বৰুৱা। পাণ্ডু কলেজৰ পৰা বিজ্ঞান বিষয়ত স্নাতক লাভ কৰা বাবুয়ে “গীত” নামৰ এলবামটিৰ পৰা সংগীত ক্ষেত্ৰখনত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল। উক্ত এলবামটিত বাবুৰ সৈতে কন্ঠদান কৰিছিল ভগৱান পাঠক আৰু শান্তা উজীৰে। ইয়াৰ পিছত, বাবুৰ এজন বন্ধুৱে তেওঁক আজাৰা বিহু ফাঞ্চনত গীত পৰিৱেশন কৰিবলৈ কয় আৰু তেতিয়াৰ পৰাই এই ক্ষেত্ৰখনত জনপ্ৰিয় হৈ পৰে বাবু। ৰ’দ, লখিমী, ৰহেদৈ, বাবুৰ ঠিকনা আৰু পেডেল মাৰি মাৰি ইত্যাদি বিভিন্ন খন মিউজিক এলবামৰ নিৰ্মাণ কৰে বাবুয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform