Rupaliparda.com
"মই নিজক ইয়াত বেচিব নোৱাৰো"- প্ৰীতি জিন্তা 1

“মই নিজক ইয়াত বেচিব নোৱাৰো”- প্ৰীতি জিন্তা

বলীউড অভিনেত্ৰী প্ৰীতি জিন্তা এগৰাকী এনে অভিনেত্ৰী যিয়ে ইণ্ডাষ্ট্ৰীটোত ইখনৰ পিছত সিখনকৈ গুৰুত্বপূৰ্ণ ছবিত অভিনয় কৰিছে। ২৩ বছৰ পূৰ্বে প্ৰীতিয়ে শ্বাহৰুখ খানৰ ছবি “দিল সে” ৰ জৰিয়তে বলীউডত নিজ কেৰিয়াৰ আৰম্ভ কৰিছিল; কিন্তু বিগত বহু সময়ৰ পৰা অভিনেত্ৰী গৰাকী অভিনয় ক্ষেত্ৰখনৰ পৰা আঁতৰি থকা দেখিবলৈ পোৱা গৈছে। এক ইংৰাজী সংবাদ পত্ৰত দিয়া এক সাক্ষাৎকাৰ যোগে শেহতীয়াকে অভিনেত্ৰী গৰাকীয়ে নিজৰ ব্যক্তিগত জীৱনকে আৰম্ভ কৰি বলীউডৰ বিভিন্ন কথা ব্যক্ত কৰে। ইণ্ডাষ্ট্ৰীটোত বহু দিনৰ পৰা আঁতৰি থকাৰ কথা সোধাত প্ৰীতিয়ে কয় যে, “মই এনে এগৰাকী ব্যক্তি নহয় যে যিয়ে থিয় হ’ব আৰু বস্তুবোৰক লৈ আপত্তি কৰি থাকিব। মোৰ কোনোধৰণৰ আপত্তি নাই; যদিহে মই মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা দূৰৈত আছো তেতিয়াহ’লে এয়াই কাৰণ যে মই নিজক ইয়াত বেচিব নোৱাৰো। মই যি কাম কৰো তাক লৈ প্ৰশংসা পাব বিচাৰো।”

"মই নিজক ইয়াত বেচিব নোৱাৰো"- প্ৰীতি জিন্তা 2
"মই নিজক ইয়াত বেচিব নোৱাৰো"- প্ৰীতি জিন্তা 3


অভিনেত্ৰী গৰাকীৰ এই কথাষাৰে শেহতীয়াকৈ চৰ্চা লাভ কৰাত সক্ষম হৈছে। যদিও মনোৰঞ্জন ক্ষেত্ৰখনৰ পৰা প্ৰীতি জিন্তা দূৰত আছে তৎস্বত্বেও উল্লেখনীয় অভিনেত্ৰী সমূহৰ ভিতৰত প্ৰীতি বৰ্তমানেও শীৰ্ষত। প্ৰীতি জিন্তাক শেষবাৰ ২০১৮ চনত “ভেয়া জি চুপাৰহিট” ত দেখিবলৈ পোৱা গৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.