Rupaliparda.com
Kalank

“কলংক”ৰ অসফলতাত সকলো দোষ মোৰঃ কৰণ জহৰ-

চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১৭ তাৰিখে মুক্তিপ্ৰাপ্ত বিগ বাজেট ফিল্ম “কলংক” এ বস্ক অফিচত আশানুযায়ী প্ৰদৰ্শন নকৰাৰ সকলো দোষ নিজ মূৰ পাতি লয় প্ৰযোজক কৰণ জহৰে। ১৫০ কোটি টকা ব্যয়ৰে বোলছবি নিৰ্মাণৰ স্বত্বেও ইয়াৰ বস্ক অফিচ কালেকচন মাত্ৰ ৮০.৩৫ কোটি টকা হোৱাত আৰু দৰ্শকৰ ফালৰ পৰাও কোনোধৰণৰ ভাল “ৰিভিউ” লাভ নকৰাত নিজৰেই দোষী বুলি ব্যক্ত কৰে প্ৰযোজক গৰাকীয়ে।
এগৰাকী পূৰণা আৰু প্ৰশিক্ষিত প্ৰযোজক হিচাপে তেওঁ সকলো বস্তুয়ে পুংখানুপুংখ নিৰীক্ষণ কৰিহে বোলছবিখন দৰ্শকৰ মাজলৈ লয় আহিব লাগিছিল বুলিও মত পোষণ কৰে বহুত ইণ্টাৰভিউত। “কলংক” অসফল হৈও তেওঁক আকৌ এবাৰ শিকাৰ সুযোগ দিয়ে বুলিও কয় কৰণ জহৰে। প্ৰযোজক গৰাকীৰ এনেধৰণৰ মন্তব্যৰ পিছত তেওঁৰ আহিবলগীয়া খোজটো লক্ষ্যণীয় হ’ব।

Add comment

Leave a Reply

Most popular

Your Header Sidebar area is currently empty. Hurry up and add some widgets.