Rupaliparda.com
ক'ৰোণা কালছোৱাতো জনপ্ৰিয়তা নকমিল ৰণৱীৰ সিঙৰঃ 1

ক’ৰোণা কালছোৱাতো জনপ্ৰিয়তা নকমিল ৰণৱীৰ সিঙৰঃ

ক’ৰোণা কালছোৱাত য’ত প্ৰতিজন চিলব্ৰেটী এনেই ঘৰত বহি থাকিবলগীয়া হৈছিল তাতেই আকৌ সেই সময়খিনিত অভিনেতা ৰণৱীৰ সিং যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল। সেই সময়ছোৱাতো তেওঁৰ লোকপ্ৰিয়তা কম হৈ পৰা নাছিল। ৭ কোটিৰ পৰা ১২ কোটিলৈ মুঠ ৯ টা জনপ্ৰিয় ব্ৰেণ্ডে তেওঁক গ্ৰহণ কৰিছিল। বৰ্তমান তেওঁৰ ওচৰত প্ৰায় ৩৪ টা জনপ্ৰিয় ব্ৰেণ্ড আছে; গতিকে এক কথাত ক’ব পাৰি যে সম্প্ৰতি বলীউড অভিনেতা ৰণৱীৰ সিং এগৰাকী ডাঙৰ তাৰকা হৈ আগবাঢ়িবলৈ লৈছে। জনপ্ৰিয় ব্ৰেণ্ডৰ বাহিৰেও ৰণৱীৰ সিঙৰ ওচৰত আছে কেইবাখনো জনপ্ৰিয় ছবি; ৮৩, জয়েশ ভাই যোৰদাৰ লগতে সূৰ্য়ৱংশীৰ দৰে কেইবাখনো জনপ্ৰিয় ছবিত আহিবলগীয়া সময়ত দেখিবলৈ পোৱা যাব অভিনেতা গৰাকীক। তেওঁ প্ৰায় প্ৰতিজন ডাঙৰ নিৰ্দেশকৰ সৈতে কাম কৰিছে আৰু এইক্ষেত্ৰত তেওঁৰ বক্স অফিচ কালেকচনো লক্ষণীয়।

ক'ৰোণা কালছোৱাতো জনপ্ৰিয়তা নকমিল ৰণৱীৰ সিঙৰঃ 2
ক'ৰোণা কালছোৱাতো জনপ্ৰিয়তা নকমিল ৰণৱীৰ সিঙৰঃ 3


কাপোৰৰ লগতে দীপিকা পাডুকনৰ স্বামী ৰূপে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা ৰণৱীৰ সিঙৰ অভিনয়ৰ চৰ্চা হোৱাও দেখিবলৈ পোৱা যায়। অৱশ্যে, ইখনৰ পিছত সিখন ছবিৰ সৈতে ব্যস্ত ৰণৱীৰ সিঙে কেৱল মাত্ৰ একে ধৰণৰেই নহয় আন ভিন্ন চৰিত্ৰও তেওঁ ৰূপায়ন কৰিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.