অসমীয়া ছবি “গৰু” চিত্ৰগৃহত মুক্তি লাভ নকৰিলেও ছবিখনে যিটো হাৰত দৰ্শকৰ সমাদৰ লাভ কৰিছিল তাৰ আমি প্ৰত্যেকজন দৰ্শকেই সাক্ষী। চচিয়েল মিডিয়াত বৰ্তমানলৈ ছবিখনে বুটলি আছে প্ৰশংসা; কিন্তু এইখিনিতে আন এক ভাল খবৰে দৰ্শকৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে। আপোনালোকে বাৰু “গৰু” ছবিখনক চিত্ৰগৃহত উপভোগ কৰিবলৈ অপেক্ষাৰত হৈ আছিল নেকি? এখন ডাঙৰ স্ক্ৰীণত হাতত পপকৰ্ণ লৈ এখন সুন্দৰ ছবি উপভোগৰ মানসিকতা অৱশ্যে প্ৰত্যেকৰে থাকে। নাথাকিবওঁনো কিয়? ক’ভিডৰ ফলত হোৱা ৮-৯ মাহৰ স্তব্ধতা আৰু আনহাতে “গৰু” ৰ বাবে দেখিবলৈ পোৱা জনসাধাৰণ উৎসাহে ছবিগৃহলৈ আকৌ এবাৰ টানিব দৰ্শকক। হিমাংশু প্ৰসাদ দাসৰ পৰিচালনাৰে নিৰ্মিত “গৰু” ক চলিত মাহৰ ১৯ তাৰিখৰ পৰা কেইবাটাও ছবিগৃহত উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শক সকল। ক’ভিডে জুৰুলা কৰিলেও ইতিমধ্যে মুক্তিলাভ কৰা দুয়োখন অসমীয়া ছবি ক্ৰমে “গৰু” আৰু “মিডনাইট চং” য়ে দৰ্শকৰ বাবে এক নতুন হেঁপাহৰ যোগান ধৰা পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত, অসমীয়া ছবিয়ে শেহতীয়াকৈ দেখিছে ন-সুৰুযৰ নতুন পোহৰ।
“গৰু” ছবিখনত অভিনীত প্ৰতিজন অভিনেতা-অভিনেত্ৰীৰ অভিনয়ৰ চৰ্চা প্ৰত্যেকেই কৰিছিল। বাহাৰুল ইছলাম, পাকিজা বেগম, চন্দন দাস ,কমল লোচন, সিদ্ধাৰ্থ ভট্টাচাৰ্য লগতে লনিশ্ৰীৰ অভিনয়ৰ মজবুত দিশটো ফুটি উঠিছে “গৰু” ছবিখনত।ছবিখনত বন্ধুত্ব, প্ৰেম তথা আটাইতকৈ গুৰুত্বপূৰ্ণ সম্প্ৰতি ৰাজনৈতিক ব্যৱস্থাটোৰ এখন প্ৰকৃত প্ৰতিচ্চবিক তুলি ধৰা হৈছে। সাধাৰণ জনৰ জীৱনৰ একেবাৰেই এটা সৰু এটা বিষয়ক ৰাজনীতিকৰণ কৰি ৰাইজক কেনেদৰে বিপথে পৰিচালিত কৰা হয় তাকেই দেখুওৱা হৈছে ছবিখনত। সংগীত, দৃশ্যগ্ৰহণেকে লৈ ছবিখনৰ কাৰিকৰী দিশটোও আছিও মন কৰিবলগীয়া। অহা ১৯ ফেব্ৰুৱাৰী তাৰিখে ছবিগৃহত মুক্তিপাবলগীয়া “গৰু” উপভোগ কৰিবলৈ আন কিমান দৰ্শক উপস্থিত হ’ব সেয়াহে লক্ষ্যণীয়।
হুচেইন মহম্মদ ছাহজাহানৰ একে নামৰ কাহিনীৰ আধাৰত নিৰ্মিত “গৰু” ৰ চিত্ৰনাট্য ৰচনা ছাহজাহানৰ, উদয় ভাস্কৰ পাটৰ আৰু হিমাংশু প্ৰসাদ দাসৰ। অৰুণ নাথ, অসীম কৃষ্ণ বৰুৱা আৰু প্ৰণামী বৰাকো দেখিবলৈ পোৱা গৈছে “গৰু” ত। চচিয়েল মিডিয়াত ইতিমধ্যে ছবিখনক লৈ বহু ধনাত্মক কমেন্ট দেখিবলৈ পোৱা গৈছে ৰাইজৰ মাজত। এতিয়াও ছবিখন আন বহু ঠাইত প্ৰদৰ্শনী হৈ আছে।
Add comment