Rupaliparda.com
"এই গ্ৰহণ মোৰ দৰে দ্বিতীয় গৰাকী নাই।"- কংগনা ৰাণাওঁট 1

“এই গ্ৰহণ মোৰ দৰে দ্বিতীয় গৰাকী নাই।”- কংগনা ৰাণাওঁট

বৰ্তমান টুইটাৰত কেৱল মাত্ৰ প্ৰসংগ চলিছে কংগনা ৰাণাওঁটৰ। একোটা টুইটৰ মাজত তেওঁ শেহতীয়াকৈ দাবী কৰিছে যে গোটেই বিশ্বত তেওঁৰ সমান কোনো এগৰাকী অভিনেত্ৰী নাই আৰু যদিহে কোনোৱে এই বিষয়ত তৰ্ক কৰিবলৈ বিচাৰে তেতিয়াহ’লে অভিনেত্ৰী কংগনা ৰাণাওঁট একেবাৰে প্ৰস্তুত। এইখিনি কথাক লৈয়ে তেওঁ দুখন “থলাইবী” ৰ ফটো আৰু এখন “ধাকঢ়” ৰ ফটো শ্বেয়াৰ কৰে। মুঠতে, বৰ্তমান টুইটাৰত অভিনেত্ৰী গৰাকীয়ে এয়াই দাবী কৰিছে যে এই গ্ৰহত তেওঁৰ দৰে কৰ্মপৰায়ণ, নিষ্ঠাবান আৰু চৰিত্ৰৰ সৈতে খেলিব পৰা অভিনেত্ৰী আৰু দ্বিতীয় গৰাকী নাই। যদিহে আছে তেতিয়াহ’লে তেওঁ নিজৰ এনে অহংকাৰ ত্যাগ কৰিব। কংগনাৰ এই টুইটটোত বিভিন্ন জন লোকে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰে; কিন্তু ইয়াৰ মাজত ধ্যান আকৰ্ষণ কৰে এগৰাকী জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষণৰ টুইটে। তেওঁ “মণিকৰ্ণিকা- দা কুইন অৱ ঝান্সী কি ৰাণী” ৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত কংগনাই এটা মেচিন ঘোৰা পুতলাৰ ওপৰত উঠি নিজ একচন চিকুৱেল শ্বুট কৰিছে।


আৰু লগতে তেওঁ কেপচনত লিখে “ঝান্সী কি ৰাণী”। অধিবক্তা গৰাকীৰ এই টুইটটোৰো প্ৰতিক্ৰিয়া দিয়ে কংগনাই। তেওঁ কয় যে, “মই মানিছো যে এখন ছবিৰ একচন চিকুৱেল শ্বুট কৰা সময়ত কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লগাত পৰো কিন্তু আপুনি যদি ইয়াক লৈ এইটো ক’ব বিচাৰিছে যে মই “ঘোৰা দৌৰাব” নোৱাৰো তেতিয়াহ’লে সেয়া ভুল হ’ব। চাওঁ এই ভিডিঅ’টো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform