Rupaliparda.com
"বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে"- নুৰুল চুলতান 1

“বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে”- নুৰুল চুলতান

অসমীয়া আহিবলগীয়া বহু প্ৰত্যাশিত ছবি সমূহৰ ভিতৰৰ এখন হৈছে “বেলকনিত ভগৱান” (God On the Balcony)। ছবিখনে ঘৰুৱা দৰ্শকৰ সমুখত মুক্তি লাভ কৰাৰ পূৰ্বেই ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জনত সফলকাম হৈছে। ছবিখনৰ পৰিচালনা বিশ্বজিৎ বৰাৰ আৰু ইয়াৰ প্ৰযোজনাৰ দায়িত্বত আছে জনপ্ৰিয় প্ৰযোজক নুৰুল চুলতান। নামটো নিশ্চয় আপোনালোক প্ৰত্যেকৰে পৰিচিত কিয়নো প্ৰযোজক গৰাকীৰ প্ৰযোজনাৰে নিৰ্মিত ছবি “জেতুকা পাতৰ দৰে” ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ। গতিকে, আহিবলগীয়া সময়ৰ “বেলকনিত ভগৱান” নামে ছবিখনক লৈও আচলতে উৎসাহিত জনসাধাৰণ। প্ৰযোজক নুৰুল চুলতানৰ সৈতে হোৱা ৰূপালীপৰ্দাৰ এক্সক্লুচিভ কথা-বতৰা যোগে যেতিয়া তেওঁক “বেলকনিত ভগৱান” ছবিখনত এনে কি বিশেষ থকাৰ বাবে প্ৰযোজনাৰ বাবে আগবাঢ়িছে বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “এটা সঁচা ঘটনাৰ আলম লৈ আমি ছবিখন নিৰ্মাণৰ বাবে আগবাঢ়িছিলো। উৰিষ্যাত এটা ঘটনা ঘটিছিল; তানামাঝি নামে এজন ব্যক্তিৰ সৈতে এনে অনুৰূপ ঘটনা ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত প্ৰকাশিত হৈছিল। ইয়াৰ উপৰিও, এনে কিছুমান ঘটনা বৰ্তমানেও আমি কিছু গ্ৰাম্যঞ্চলত অথবা অনুন্নত ঠাইবোৰত দেখিবলৈ পাই আহিছো। গতিকে, “বেলকনিত ভগৱান” ত থকা এই সঁচা ঘটনাটোৱে আচলতে মোক অধিক আকৰ্ষণ কৰিলে বুলি ক’ব পৰা যায় আৰু সঁচা কাহিনীৰ একাংশ ছবিয়ে মোক পূৰ্বৰে পৰা আকৰ্ষণ কৰি আহিছে।”

"বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে"- নুৰুল চুলতান 2
"বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে"- নুৰুল চুলতান 3


ঘৰুৱা দৰ্শকৰ ওচৰত মুক্তি লাভৰ পূৰ্বেই ছবিখনৰ বহুল সফলতাক লৈ এগৰাকী প্ৰযোজক হিচাপে তেওঁ কি অনুভৱ কৰে বুলি কৰা প্ৰশ্নৰ উত্তৰত প্ৰযোজক নুৰুল চুলতানে কয় যে, “মই ভাবো, ছবিখনৰ পৰিচালক বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে। আনহাতে, ইয়াত মূখ্য চৰিত্ৰ ৰূপায়িত হৰিশ খান্নাকে আদি কৰি প্ৰত্যেকজন শিল্পী, কলা-কুশলীয়ে অত্যন্ত কষ্ট আৰু নিজস্ব কামৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিছে। মই আংশিক সুখী হৈছো কাৰণ মই এতিয়াও ভাবো যে ছবিখনে পূৰ্ণতা পাবলৈ আৰু অকণমান দীঘলীয়া যাত্ৰালৈ যাব লাগিব। ৰাইজ, সমালোচক আদি প্ৰত্যেকেই ছবিখন উপভোগ কৰি মতামত দিয়াটো বিচাৰিছো; ইয়াৰ উপৰিও মই ক’ম যে অসমীয়া চলচিত্ৰ ধাৰাটোত মই “বেলকনিত ভগৱান” ছবিখনৰ জৰিয়তে এক ক্ষুদ্ৰ প্ৰয়াসহে কৰিছো।” নুৰুল চুলতানৰ আগন্তক পৰিকল্পনাৰ বিষয়ে জানিবলৈ বিচৰাত তেওঁ কয় যে, “এইখিনি সময় আচলতে খুব দূৰ্ভাগ্যজনক; মাৰ্চ মাহতেই মই পৰিচালক, চিত্ৰনাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য দেৱক এখন ছবিৰ বাবে স্ক্ৰীপ্ট লিখিবলৈ কৈছিলো।”

"বিশ্বজিৎ বৰাই অতি নিপুন পৰিকল্পনা আৰু কষ্টৰে ছবিখন নিৰ্মাণ কৰি উলিয়াইছে"- নুৰুল চুলতান 4


আগলৈ তেওঁ কয় যে, “কিন্তু আমি বৈঠকত বহা পিছৰ প্ৰায়ে এসপ্তাহ-দুসপ্তাহৰ ভিতৰতেই “লক-ডাউন” আৰম্ভ হৈ গৈছিল। গতিকে সম্প্ৰতি সময়ছোৱাত ব্যয়বহুল ছবি নিৰ্মাণ কৰিবলৈ অকণমান ভয় খাইছো। লগতে, স্বনামধন্য পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ পৰাও এখন মই স্ক্ৰীপ্ট ৰাখি থৈছিলো গতিকে আগন্তুক সময়ত চাওঁচোন কেনেদৰে আগুৱাব পাৰো।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform