Rupaliparda.com
"২০২১ বৰ্ষৰ মই অভিনীত প্ৰথমটো গীতেই হৈছে "ক'তেনো নিঁয়ৰ সৰে"- উপাসনা প্ৰিয়ম 1

“২০২১ বৰ্ষৰ মই অভিনীত প্ৰথমটো গীতেই হৈছে “ক’তেনো নিঁয়ৰ সৰে”- উপাসনা প্ৰিয়ম

বিগত কিছু দিন পূৰ্বৰে পৰা চচিয়েল মিডিয়াত “দুটি মনৰ জোনাক” ধাৰাবাহিকখনৰ মূখ্য চৰিত্ৰত অভিনীত অভিনেত্ৰী উপাসনা প্ৰিয়মৰ কন্ঠশিল্পী দেৱৰাজ বৰাৰ সৈতে কেইখন মান ফটো ভাইৰেল হোৱা দেখিবলৈ পোৱ গৈছিল। “ক’তেনো নিঁয়ৰ সৰে” শীৰ্ষক দেৱৰাজ বৰাৰ গীতটিক লৈ ইতিমধ্যে অনুৰাগীৰ মাজতো এক উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। একোটা গীতত কন্ঠশিল্পী গৰাকীৰ সৈতে অভিনয় কৰিবলৈ আহোতে অভিনেত্ৰী গৰাকীয়ে বাৰু গীতটিত কি বিচাৰে? উপাসনা প্ৰিয়মৰ আহিবলগীয়া প্ৰকল্প সমূহৰ ভিতৰত উল্লেখনীয় প্ৰকল্প হৈছে “ক’তেনো নিঁয়ৰ সৰে”; গতিকে এই গীতটিত কি বিশেষ দেখি অভিনেত্ৰী গৰাকীয়ে প্ৰকল্পটোৰ সৈতে জড়িত হৈছিল বুলি কৰা ৰূপালীপৰ্দাৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “আচলতে সংগীত বুলি ক’লেই সুন্দৰ, ধুনীয়া। মনত প্ৰশান্তি যুগুতোৱাব পৰা মাধ্যমবিধেই হৈছে সংগীত। একোটা সংগীতৰ সৈতে জড়িত হ’বলৈ পালে ভালেই লাগে তথাপিও পোন প্ৰথমে গীতটিৰ কথা মই চাই লওঁ; ইয়াৰ পিছতেই গীতটিয়ে শ্ৰোতাক সংযোগ কৰিব পাৰিব নে নাই সেই বিষয়টো মই হৃদয়ংগম কৰিবলৈ চেষ্টা কৰো আৰু তাৰ পিছতেই অৱশ্যে একোটা গীত মই নিজেও শুনো আৰু ইয়াৰ সৈতে জড়িত হ’বলৈ চেষ্টা কৰো।”

"২০২১ বৰ্ষৰ মই অভিনীত প্ৰথমটো গীতেই হৈছে "ক'তেনো নিঁয়ৰ সৰে"- উপাসনা প্ৰিয়ম 2


ইয়াৰ লগতে, উপাসনাক “ক’তেনো নিঁয়ৰ সৰে” ক লৈ কিমান আশাবাদী বুলি কৰা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় যে, “২০২১ বৰ্ষৰ মই অভিনীত প্ৰথমটো গীতেই হৈছে “ক’তেনো নিঁয়ৰ সৰে”; গতিকে গীতটিক লৈ যথেষ্ট আশাবাদী কিয়নো মই গীতটি ইতিমধ্যে শুনিছো। গীতটিৰ কথা লগতে ইয়াৰ সুৰে শ্ৰোতা-দৰ্শকক যে আকৰ্ষণ কৰিব পাৰিব তাক লৈ মই নিশ্চিত; আনহাতে গীতটিৰ ভিডিঅ’ত মই যিটো চৰিত্ৰত অভিনয় কৰিছো সেই চৰিত্ৰটোও ভাললগা। মই গীতটিক লৈ আশাবাদী যে ৰাইজে “ক’তেনো নিঁয়ৰ সৰে” ৰ লগতে দেৱৰাজ আৰু মোক স্ক্ৰীণত আকোঁৱালি ল’ব।” উল্লেখ্য যে, আহিবলগীয়া সময়ত উপাসনাক দেখিবলৈ পোৱা যাব “অঞ্জলী” ধাৰাবাহিক খনত।

"২০২১ বৰ্ষৰ মই অভিনীত প্ৰথমটো গীতেই হৈছে "ক'তেনো নিঁয়ৰ সৰে"- উপাসনা প্ৰিয়ম 3


অতিশীঘ্ৰে গীতটিয়ে ৰাইজৰ মাজত লাভ কৰিব মুক্তি। গীতটিক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো সমগ্ৰ টীমক শুভকামনা। তেজপুৰত ইতিমধ্যে সম্পূৰ্ণ হৈছে গীতটিৰ শ্বুটিং চিড্যুল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform