Rupaliparda.com
মন্টুমণি শইকীয়াৰ আগন্তুক গীত "লাহে লাহে"- 1

মন্টুমণি শইকীয়াৰ আগন্তুক গীত “লাহে লাহে”-

আকৌ এটি নতুন গীতৰ প্ৰস্তুতিত ব্যস্ত কন্ঠশিল্পী মন্টুমণি শইকীয়া। প্ৰায় প্ৰত্যেকটো গীতেই জনপ্ৰিয় হোৱা এই গৰাকী কন্ঠশিল্পীৰ অনুৰাগীৰ সংখ্যাও অধিক। জানিব পৰা মতে, “লক-ডাউনৰ ফলত মন্টুমণিৰ আগন্তুক “লাহে লাহে আহি” গীতটিৰ শ্বুটিং স্থগিত হৈ পৰিছিল যদিও এই “লক-ডাউন” খোলা পিছতেই তেওঁৰ প্ৰায় তিনিটাকৈ গীতেই লাভ কৰিব পাৰে মুক্তি। আগন্তুক সময়ত মুক্তি পাবলগীয়া “লাহে লাহে” শীৰ্ষক গীতটিত সংগীত দিছে ধ্ৰুৱ ঠাকুৰীয়াই লগতে ইয়াক পৰিচালনা কৰিছে মৃত্যুঞ্জয় কাকতিয়ে। মন্টুমণিৰ “কৃষ্ণচূড়া” এলবামটিত অন্তৰ্ভূক্ত এই গীতটিৰ ইতিমধ্যে মুকলি কৰা হৈছে প্ৰমো’। গীতটি মুক্তি লাভ কৰিব অহা ১৩ ফেব্ৰুৱাৰী তাৰিখে; বিগত বৰ্ষত বৰ্নাত্যক সহায় আগবঢ়োৱা ক্ষেত্ৰতো আগবাঢ়ি আহিছিল কন্ঠশিল্পী গৰাকী; কেইগৰাকী মান সতীৰ্থ কন্ঠশিল্পীৰ সৈতে লগ হৈ তেওঁ বৰ্নাত্যলৈ আগবঢ়াইছিল সহায়।

মন্টুমণি শইকীয়াৰ আগন্তুক গীত "লাহে লাহে"- 2


যোৰহাটত জন্মগ্ৰহণ কৰা এইগৰাকী কন্ঠশিল্পীয়ে “পাহি” এলবামটিৰ সৈতে ৰাইজৰ সমুখলৈ আহি পিছলৈ “জাপে দিম দিচাং ত” শীৰ্ষক গীতটিৰ জৰিয়তে দৰ্শকৰ হৃদয়ত বাস কৰিবলৈ সক্ষম হৈ পৰিছিল। “চেল্ফী লে লে ৰে”, “ৰৈ ৰৈ চাওঁ তোক”, “বগী বগী ছোৱালী” ইত্যাদি তেওঁৰ গীত সমূহ বৰ্তমানেও জনপ্ৰিয় হৈ আছে সকলোৰে মাজত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.