Rupaliparda.com
কাজলৰ দৃঢ়সংকল্পঃ 1

কাজলৰ দৃঢ়সংকল্পঃ

এটা দশকতকৈ অধিক সময় বলীউড ক্ষেত্ৰখনত ৰাজত্ব কৰা অভিনেত্ৰী কাজল চচিয়েল মিডিয়াত সক্ৰিয় হোৱাৰ লগতে তেওঁ সমসাময়িক বিষয়বোৰতো মাত মতা দেখিবলৈ পোৱা যায়। তেওঁ শেহতীয়াকৈ নিজ ইনষ্টাগ্ৰাম একাউন্টত এখন ছেলফী পোষ্ট কৰে য’ত তেওঁক অত্যন্ত সুখী হৈ থকা দেখিবলৈ পোৱা যায়। তেওঁ ছেলফী খনৰ লগতে ক’ৰোণা ভাইৰাছৰ সময়ত তেওঁ নিজৰ বিচাৰৰ কথা জনসাধাৰণৰ ওচৰত ব্যক্ত কৰে। তেওঁ কয় যে, “সংকল্প সফলতাৰ চাবি কাঠি; সেয়া লাগিলে চেষ্টাৰ দুটা শাৰীয়ে নহওঁক কিয় অথবা এটা অধ্যায়ৰ দৰে সম্পূৰ্ণ এটা দিনৰেই নহওঁক কিয়! কিন্তু ইয়াৰ শেষত আপোনাৰ ওচৰত সম্পৰ্কবোৰ আৰু পঢ়িবলৈ কিতাপেই ৰৈ যায়।” কিছুদিন পূৰ্বে তেওঁ “ত্ৰিভংগা” ৰ দ্বাৰা ডিজিটেল প্লেটফৰ্মত ডেবিউ কৰিছিল। তিনিটা প্ৰজন্মৰ মাজত দৈনন্দিন ঘটি থকা কিছু সুন্দৰ কাহিনীৰে নিৰ্মিত এই ছবিখনত কাম কৰিবলৈ পাই অভিনেত্ৰী গৰাকীও যথেষ্ট উৎসাহিত হৈছিল।


ৰেণুকা শাহানেৰ দ্বাৰা নিৰ্দেশিত এই ছবিখনত কাজলৰ লগতে অভিনয় কৰিছে তনৱী আজমী আৰু মিথিলা পালকৰে। কিছুদিন পূৰ্বে কাজল অভিনীত এখন চুটি ছবি “দেৱী” য়ে লাভ কৰিছিল দৰ্শকৰ বহুল প্ৰশংসা। ১৩ মিনিট দৈৰ্ঘ্যৰ এই চুটি ছবিখনত কাজলৰ লগতে বহু কেইগৰাকী আন অভিনেত্ৰীকো দেখিবলৈ পোৱা গৈছিল। চুটি ছবিখনে অতি কম সময়ৰ ভিতৰতে লাভ কৰিছিল ইউটিউবত মিলিয়নৰ অংকত ভিউৱাৰচ।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.