Rupaliparda.com
আকৌ আন এখন ছবি "পথ-উপপথ" ৰ সৈতে ব্যস্ত মানস বৰুৱাঃ 1

আকৌ আন এখন ছবি “পথ-উপপথ” ৰ সৈতে ব্যস্ত মানস বৰুৱাঃ

যিমানেই ক’ভিড পৰিস্থিতিৰ ক্ৰমান্বয়ে সাম কাটিবলৈ ধৰিছে সিমানেই মনোৰঞ্জন ক্ষেত্ৰখনলৈ আহিছে নতুন নতুন খবৰ। আহিবলগীয়া সময়ত একাংশ সুন্দৰ পৰিকল্পনা আৰু গ্ৰহণযোগ্য কাহিনীৰে আহি আছে কেইবাখনো অসমীয়া ছবি; এনে পৰিপ্ৰেক্ষিততে শেহতীয়াকৈ আন এখন নতুন ছবিৰ খবৰে লৈ আনিছে চলচিত্ৰ প্ৰেমী দৰ্শকলৈ সুখৰ বাৰ্তা। স্বনামধন্য সুদক্ষ পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ পুত্ৰ মানস বৰুৱাৰ আগন্তুক প্ৰকল্পৰ সমূহৰ ভিতৰত এটা হৈছে “পথ-উপপথ”। ২০১৪ চনতে নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ চিত্ৰনাট্য আছিল মুনীন বৰুৱাৰ নিজৰেই; কিন্তু সম্প্ৰতি সময়ৰ নৱপ্ৰজন্মৰ সোঁৱাদ আৰু ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি ছবিখনৰ চিত্ৰনাট্যৰ কিছু কিছু সাল-সলনি কৰা হৈছে। এপ্ৰিল মাহৰ পৰা শ্বুটিং আৰম্ভ হ’বলগীয়া এই ছবিখনৰ ইতিমধ্যে মুকলি কৰি দিয়া মশ্বন পোষ্টাৰ। মশ্বন পোষ্টাৰ খন মুকলি হোৱাৰ পিছতেই ৰাইজৰ মাজতো এক উৎসাহৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। ছবিখনৰ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিব জনপ্ৰিয় অভিনেতা গুঞ্জন ভৰদ্বাজে; ইয়াৰ উপৰিও ছবিখনৰ আন আন চৰিত্ৰসমূহৰ বাবে অভিনেতা-অভিনেত্ৰীৰ নাম সমুখলৈ অহা নাই। ছবিখন যদিও বৰ্তমানো প্ৰি-প্ৰডাকচনত ব্যস্তু তৎস্বত্বেও ছবিখনৰ বাবে অপেক্ষাৰত হৈ পৰিছে দৰ্শকসকলো।

আকৌ আন এখন ছবি "পথ-উপপথ" ৰ সৈতে ব্যস্ত মানস বৰুৱাঃ 2


এ এম টেলিভিছন বেনাৰত “পথ-উপপথ” ছবিখনৰ প্ৰযোজনা কৰিছে ড° সঞ্জীৱ নাৰায়ণে। লগতে, ছবিখনৰ চিত্ৰনাট্য আকৌ এবাৰ নতুনকৈ সঁজাব ভাস্কৰ হাজৰিকাই আৰু তেওঁক এইক্ষেত্ৰত সহায় কৰিব সুনয়না দত্তই। ইয়াত কাহিনী মানস বৰুৱাৰ; ছবিখনত সংগীত পৰিচালনা কৰিছে যতীন শৰ্মাই আৰু গীতসমূহত কথা দিছে শশাংক সমীৰ আৰু ৰাজদ্বীপে; ছবিখনৰ গীতসমূহত কন্ঠদান কৰিছে পাপন, স্বাস্বতী ফুকন, কৃষ্ণা বেউৰা, সিদ্ধাৰ্থ তথা জুবিন গাৰ্গে। অৱশ্যে জুবিন গাৰ্গে এতিয়ালৈ গীতত কন্ঠদান কৰিবলৈ বাকী আছে। জানিব পৰা মতে, ৰোমান্টিক থ্ৰীলাৰ ধৰ্মী এই ছবিখন নৱপ্ৰজন্মক ধ্যানত ৰাখিয়ে “পথ-উপপথ” ৰ আগবাঢ়িব নিৰ্মাণশৈলী। সম্পাদনাৰ দায়িত্বত আছে প্ৰতীম খাউণ্ড। সমান্তৰালকৈ, “পথ-উপপথ” ৰ বাহিৰেও পৰিচালক মানস বৰুৱা ব্যস্ত আন এক প্ৰকল্প “যাত্ৰা… এখন ছবিৰ” সৈতেও।

আকৌ আন এখন ছবি "পথ-উপপথ" ৰ সৈতে ব্যস্ত মানস বৰুৱাঃ 3


মানস বৰুৱাৰ ভিন্নটা প্ৰকল্পৰ সৈতে তেওঁ প্ৰতিটো পৰিকল্পনাৰ বাবে ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform