Rupaliparda.com
সৰ্বত্ৰে আৰম্ভ হৈছে ভেলেন্টাইন উইকঃ প্ৰেম-প্ৰেম লগা অনুভৱেৰে মুক্তি "মৰম"- 1

সৰ্বত্ৰে আৰম্ভ হৈছে ভেলেন্টাইন উইকঃ প্ৰেম-প্ৰেম লগা অনুভৱেৰে মুক্তি “মৰম”-

সৰ্বত্ৰে আৰম্ভ হৈছে ভেলেন্টাইন উইক, প্ৰেম উদযাপনৰ এই বিশেষ সপ্তাহটোক লৈ কিমানৰ যে কিমান পৰিকল্পনা। হাতত এপাঁহ গোলাপ আৰু ৰঙাকৈ নিৰ্মিত হৃদয় আকৃতিৰ গাৰু কঢ়িয়াই ফুৰা যুৱক-যুৱতীৰ দৃশ্যৰ কথাই সুকীয়া। প্ৰেম-প্ৰেম লগা এক নিষ্পাপ অনুভূতিয়ে এই সপ্তাহটোত আলোড়নৰ সৃষ্টি কৰি ৰাখিছে প্ৰত্যেকৰে মন গহ্বৰত। হয়টো একাংশই নিজ প্ৰেমৰ প্ৰস্তাৱ লৈ আগবাঢ়িছে নহ’লে আকৌ কোনোজনে আপোনজনৰ সৈতে হোৱা সকলো কাজিয়াৰ সামৰণি কৰিছে। মুঠতে, প্ৰেম নিবেদনৰ এই বিশেষ সপ্তাহটোত নিজ প্ৰেমাস্পদক লৈ প্ৰত্যেকেই আৰম্ভ কৰিছে বিশেষ বিশেষ কাৰ্যসূচী। “ভেলেন্টাইন ডে” ক উদ্দেশ্যি মুক্তিপ্ৰাপ্ত গীতসমূহৰ মাজত সদ্যমুক্তিপ্ৰাপ্ত এটি গীতে লাভ কৰিছে জনসাধাৰণৰ বহুল সমাদৰ। “মৰম” শীৰ্ষক এটি প্ৰেমৰ গীতে শেহতীয়াকৈ বুটলিছে শ্ৰোতা-দৰ্শকৰ প্ৰশংসা। সম্প্ৰতি একোটা গীতৰ জৰিয়তেই একোটা সুন্দৰ কাহিনীৰ উপস্থাপন আমি দেখিবলৈ পাওঁ; নতুন নতুন বিষয়বস্তুৱে অৱশ্যে প্ৰকল্পসমূহৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাতো সহায় কৰে। ঠিক তেনেদৰে ১১ ফেব্ৰুৱাৰী তাৰিখে মুক্তি লাভ কৰা “মৰম” গীতটিৰ স্বামী-স্ত্ৰীৰ এক সুন্দৰ কাহিনীয়েও লাভ কৰিছে ৰাইজৰ সঁহাৰি।


গীতটিত কন্ঠদান কৰিছে সেউজ লগতে বিদিশা নয়ন ভূঞাই। গীতটিক সুন্দৰ সংগীতেৰে সঁজাইছে ডেভিদ কাশ্যপে; গীতটিৰ ভিডিঅ’ৰ কাহিনী, পৰিচালনা আৰু সম্পাদনাৰ দায়িত্বত আছে বেদান্ত। আনহাতে, গীতটিত অভিনয় কৰিছে এটি নতুন যুঁটিয়ে; কমল লোচন আৰু দেৱাশ্ৰী গগৈৰ অভিনয়ৰে “মৰম” য়ে লাভ কৰিছে অনুৰাগীৰ উৎসাহ তথা উৎকন্ঠা। ভিডিটোত শিশু শিল্পী ৰূপে আছে হেনা; ইয়াত দৃশ্যগ্ৰহণৰ দায়িত্বত আছে অমিয়া ৰঞ্জন দাস আৰু সহঃদৃশ্যগ্ৰহণকাৰী বিভূতি কাশ্যপ। লগতে, সহঃ পৰিচালনা অলকেশ আমিৰ।এটি সৰু কাহিনীৰে গীতটিত অন্তৰ্নিহিত বিষয়বস্তুক বুজাই দিয়াৰ লগতে গীতটিৰ সৈতে জড়িত প্ৰত্যেকজনৰে কাম নুই কৰিব পৰা নাযায়। ক্ষন্তেকতে ভিউৱাৰচৰ ভিৰ নালগিলেও এওঁলোকৰ দ্বাৰা কৰি থকা ইটোৰ পিছত সিটো সৃষ্টিয়ে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ।

সৰ্বত্ৰে আৰম্ভ হৈছে ভেলেন্টাইন উইকঃ প্ৰেম-প্ৰেম লগা অনুভৱেৰে মুক্তি "মৰম"- 2


“মৰম” গীতটিৰ মুক্তিৰ পিছতেই শ্ৰোতাৰ প্লে-লিষ্টত সোমাই পৰা এই গীতটিক লৈ নৱপ্ৰজন্মই কৰা চেষ্টাক আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.