Rupaliparda.com
বিতৰ্ক আৰু সমালোচনাৰ মাজতেই "চিলা" ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 1

বিতৰ্ক আৰু সমালোচনাৰ মাজতেই “চিলা” ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ

বিতৰ্ক আৰু সমালোচনাৰ পাৰ ভাঙি জুবিন গাৰ্গ বৰ্তমান ব্যস্ত হৈ পৰিছে তেওঁৰ “চিলা” এলবামৰ পঞ্চমটো গীতৰ মুক্তিক লৈ। চচিয়েল মিডিয়াত এক পোষ্ট যোগে তেওঁ পঞ্চমটো গীতৰ শ্বুটিঙৰ দুখন ফটো আপলোড কৰে; অক্টোবৰ মাহৰ পৰা প্ৰতিটো মাহে “চিলা” এলবামটোৰ একোটা গীতক জনসাধাৰণৰ মাজত মুকলি কৰি দিয়াৰ কথা প্ৰকাশ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে আৰু তাৰ পিছতেই “চিলা” তথা “উভতি চোৱা” ৰ পিছত মুকলি কৰি দিয়া হৈছিল “অগ্নি বীণাৰ তান” আৰু “একো যে নাই”। গীতটিৰ প্ৰতিটো শব্দ তথা শাৰীয়ে অনুৰাগীৰ মনত ইমান অধিককৈ ঠাই বনাবলৈ সক্ষম হৈছিল মুক্তিৰ দিন ধৰি বৰ্তমানলৈ হিট লিষ্টত উক্ত গীতটো। এটি ব্যক্তিগত সংবাদ মাধ্যমৰ এক এৱাৰ্ড শ্ব’ত জুবিন গাৰ্গে জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামীক কৰা অশালীন মন্তব্যই তেওঁক অনুৰাগীৰ ওচৰতো তল পেলাইছিল। চচিয়েল মিডিয়াত উক্ত কথাটোক লৈ হোৱা সমালোচনাৰ পিছত মহিলা আয়োগেও তেওঁক লৈ এজাহাৰ দাখিল কৰিছিল।

বিতৰ্ক আৰু সমালোচনাৰ মাজতেই "চিলা" ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 2
বিতৰ্ক আৰু সমালোচনাৰ মাজতেই "চিলা" ৰ পঞ্চমটো গীতৰ বাবে সাজু জুবিন গাৰ্গঃ 3


কিন্তু পিছলৈ তেওঁ কথাটো ধেমালিহে কৰি কৈছিল বুলিহে মন্তব্য কৰে। জুবিন গাৰ্গক লৈ বৰ্তমানেও একাংশ ক্ষোভিত হৈ থকা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ বৃন্দাবন চুপাৰ মাৰ্কেটত তেওঁৰ সৌজন্যত খোলা বিপণী “পথাৰ আমাৰ বজাৰ আমাৰ” য়ে জনসাধাৰণৰ বহুল সঁহাৰি লাভ কৰিছে। থলুৱা খাদ্যৰ বিক্ৰীৰে এইবাৰ সফলতা লাভ কৰিছে হাৰ্টথ্ৰৱ গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.