“ৰামলীলা”, “বাজীৰাও মষ্টানী”, “পদ্মাৱত” আদিৰ নিচিনা বোলছবিত প্ৰত্যাহ্বানমূলক চৰিত্ৰ কৰাৰ পিছত এইবাৰ অভিনেত্ৰী দীপিকা পাডুকন ব্যস্ত হৈ পৰিছে “চাপাক” ক লৈ। এচিড আক্ৰমণৰ বলি হোৱা লক্ষ্মীৰ সঁচা জীৱন কাহিনীৰে ৰচিত বোলছবিখনক লৈ উৎস্যুক অভিনেত্ৰী গৰাকী।
বোলছবিখনত “মালতী” নামেৰে দেখা যাব দীপিকাক। পৰিচালক মেঘনা গোলজাৰো দীপিকা আৰু তেওঁৰ অভিনয়ক লৈ যথেষ্ট আশাবাদী। তেওঁৰ মতে মোহময়ী দীপিকাক এক নতুন ৰূপত পাব দৰ্শক সমাজে।
অলপতে দিল্লীত দৃশ্যগ্ৰহণ হোৱা “চাপাক” ক লৈ উৎসাহী “ৰিয়েল ওৱাৰিঅ’ৰ” লক্ষ্মীও। তেওঁৰ জীৱনৰ ওপৰত কৰা দীপিকাৰ অভিনয়ক লৈ তেওঁ সুখী। তেওঁৰ মতে দীপিকা কষ্টসহিষ্ণু আৰু ভাল অভিনেত্ৰী।
“চাপাক” ক লৈ ব্যস্ত হৈ পৰা দীপিকাই বোলছবিখন সমাজৰ আৱৰ্জনমূলক অসৎ লোকসকলৰ প্ৰতি এক শিকনি বুলিও দাবী কৰে। ইতিমধ্যে “চাপাক” ৰ “ফাষ্ট লুক” এ অধিকতম দৰ্শকক আকৰ্ষিত কৰি তুলিছে।

Add comment