Rupaliparda.com
Raghupati

” নতুন ফাণ্ডা” লৈ ৰবি ৰ “ৰঘুপতি”

সম্প্ৰতি যতীন বৰাৰ সমান্তৰালকৈ অসমীয়া চিনেমাক লৈ সষ্টম হৈ পৰিছে অভিনেতা ৰবি শৰ্মাও। অসমীয়া চিনেমাক যোৰ কৰি ৰাইজৰ মন-মগজুত ভৰাই দিব লগা হৈছিল যদিও বৰ্তমান ই কিছু পৰিমাণে হ’লেও নিজ বাটৰ ডাঁৱৰ আঁতৰাই আগবাঢ়িব লৈছে। তেনেক্ষেত্ৰত বোলছবি জগতখনৰ সৰহ সংখ্যক অভিনেতা-অভিনেত্ৰীৰ যোগদান মন কৰিবলগীয়া । সাঁচতীয়া ধন ব্যয় কৰি হ’লেও অসমীয়া ৰাইজৰ হৃদয়ত বৈ থকা অসমীয়া চিনেমাৰ আন্তৰিকতাৰ ধাৰাটো বোঁৱাই নিবলৈ পাৰ্যমানে যত্ন কৰা দেখা যায় এওঁলোকক। দুই কুৰিতকৈও অধিক চিনেমাত সুন্দৰ অভিনয় প্ৰদৰ্শন কৰা ৰবি শৰ্মা এতিয়া ব্যস্ত হৈ পৰিছে “ৰঘুপতি” ক লৈ। অসমীয়া চিনেমাক হিট লিষ্টত ৰখাৰ বাবে “নতুন ফাণ্ডা” কিছুমানৰ সহায় লৈ আগবাঢ়িছে অভিনেতা গৰাকী। তেওঁৰ মতে চিত্ৰনাট্য-সংলাপ অথবা পৰিচালনা আদিবোৰ তেওঁৰ বাবে নতুন নহয়। তেওঁ অভিনেতা আছিল যদিও পৰ্দাৰ পিছফালৰ বস্তুবোৰকো তেওঁ পুংখানুপংখভাৱে লক্ষ্য কৰি গৈছিল। সাধাৰণ জনৰ ৰুচিনুযায়ী আৰু বাণিজ্যিক চিন্তাধাৰাৰে চিনেমাখনক সফল কৰিব বিচাৰিছে তেওঁ। “ৰঘুপতি” য়ে যাতে সকলো পৰ্যায়ৰ দৰ্শকক আকৰ্ষিত কৰিব পাৰে তাক লৈ চেষ্টা কৰিছে সুদৰ্শন অভিনেতা ৰবি শৰ্মাই। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা শ্বুটিং আৰম্ভ হোৱাৰ পৰিকল্পনা কৰা হৈছে যদিও অত্যাধিক গৰম হ’লে শ্বুটিং কিছুদিনৰ বাবে পিছুৱাই নিব পাৰে অভিনতা গৰাকীয়ে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.