Rupaliparda.com
নিজ পিতৃৰ দৰেই হ'বলৈ ইচ্ছা বাবিলৰঃ 1

নিজ পিতৃৰ দৰেই হ’বলৈ ইচ্ছা বাবিলৰঃ

জনপ্ৰিয় অভিনেতা ইৰফান খানৰ পুত্ৰ বাবিল সম্প্ৰতি সময়ছোৱাত চচিয়েল মিডিয়াত প্ৰায় সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায়। নিজ পিতৃৰ স্মৃতিৰ কিছু দৃশ্য খুঁচৰি তেওঁ চচিয়েল মিডিয়া যোগে আপলোড কৰি থাকে; শেহতীয়াকৈ বাবিলে এটা ভিডিঅ’ শ্বেয়াৰ কৰে য’ত তেওঁৰ পিতৃ ইৰফানে খান লাভ কৰা কেইবাটাও ফিল্মফেয়াৰ বঁটা থাকে, পুত্ৰ বাবিলে ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সমান্তৰালকৈ নিজৰো যে বঁটা বিজয়ী হ’বলৈ ইচ্ছা তাক প্ৰকাশ কৰে। তেওঁ ভিডিঅ’টোৰ আপলোড কৰি কয় যে, “এদিন এই খালী থকা ঠাইখিনি মোৰ হ’ব?” ইৰফান খানৰ দেহাৱসানৰ পিছত তেওঁৰ পুত্ৰ বাবিল খানৰ চৰ্চা শুনিবলৈ পোৱা গৈছে এতিয়া কেওঁদিশে। তেওঁৰ ইনষ্টাগ্ৰাম ফল’ৱাৰচৰ সংখ্যা বিগত কিছুদিনত সাংঘাতিককৈ বাঢ়ি থকা দেখিবলৈ পোৱা গৈছে। আচলতে, ইয়াৰ অইন এটা কাৰণ হৈছে যে বাবিল খানে প্ৰায়ে নিজ পিতৃ সম্বন্ধিত পোষ্ট সমূহ কৰি আছে। বলীউডৰ ছবিক লৈ আকৰ্ষিত বাবিলে লণ্ডনত ছবি নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি আছে। ইয়াৰ উপৰিও বাবিলে পিতৃ ইৰফান খানৰ ছবি “কৰীব কৰীব চিংগল” ত কেমেৰা টীমৰ সৈতেও জড়িত আছিল।

নিজ পিতৃৰ দৰেই হ'বলৈ ইচ্ছা বাবিলৰঃ 2


বাবিলৰ বাহিৰেও আমিৰ খানৰ জীয়ৰী ইৰাও অভিনয়ক এৰি ছবি এখন পৰিচালনা কৰাতহে বেছি আকৰ্ষিত। উল্লেখ্য যে, দৰ্শক সকলে বৰ্তমান ইৰফান খানৰ পুত্ৰক লৈ এক আশা প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বাবিলো অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে এতিয়া একাংশই; যাতে ইয়াৰ দ্বাৰা পিতৃৰ খালী ঠাইবোৰ পূৰ কৰিব পৰা যায়। বৰ্তমানলৈ এনে কোনো সংকেট দিয়া নাই যদিও শেহতীয়াকৈ আপলোড কৰা ভিডিঅ’টো যোগেৰে এই সংকেট ফুটি উঠিছে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.