Rupaliparda.com
নাটক ও ছবি ক্ষেত্ৰৰ জনপ্ৰিয় নাম “দীপক ভূঞা”- 1

নাটক ও ছবি ক্ষেত্ৰৰ জনপ্ৰিয় নাম “দীপক ভূঞা”-

৯৫০ চনৰ পৰা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত এগৰাকী শিল্পী হৈছে দীপক ভূঞা। বহু একাংক নাট, পূৰ্ণাংগ নাট, চলচিত্ৰ আৰু ধাৰাবাহিকত নিষ্ঠাৰে অভিনয় কৰা দীপক ভূঞাই ২০০৭ চনত অনুষ্ঠিত ৰাজ্যিক চলচিত্ৰ প্ৰতিযোগিতাত শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত “অস্তৰাগ” ছবিখনত অভিনয় কৰি তিনিটা বছৰৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে নটসূৰ্য্য ফণী শৰ্মা বঁটা লাভ কৰিছিল। ১৯৩৬ চনত জন্মগ্ৰহণ কৰা দীপক ভূঞাই তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ এগৰাকী বিষয়া ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ ফলত তেওঁ ২২ বছৰ ধৰি অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা আঁতৰি থাকিবলগীয়াত পৰে। সূদীৰ্ঘ ২২ বছৰ অন্তত গুৱাহাটী “কথা” নিবেদিত আৰু অবিনাশ শৰ্মা পৰিচালিত হোমেন বৰগোহাঁইৰ উপন্যাস “অস্তৰাগ” নাট্যৰূপত বৃদ্ধ ককাকৰ চৰিত্ৰ ৰূপায়ন কৰি দৰ্শকৰ বাদেও কাগজে-পত্ৰইও দীপক ভূঞাক প্ৰশংসা কৰা হৈছিল।

নাটক ও ছবি ক্ষেত্ৰৰ জনপ্ৰিয় নাম "দীপক ভূঞা"- 2
SOURCE: GOOGLE


দীপক ভূঞাৰ বিষয়ে এখন কাকতত লিখা হৈছিল এনেদৰেঃ ” অস্তৰাগ” ৰ অভিনয়ৰ দিশটোক সমৃদ্ধ কৰিছে দেউতা দীপক ভূঞাই। তেওঁৰ বাস্তৱ অভিনয়ে প্ৰযোজনাটিক উপভোগ্যতা প্ৰদান কৰিছে।” ইয়াৰ লগতে দীপক ভূঞাই কেইবাগৰাকীও জনপ্ৰিয় পৰিচালকৰ নাটকত অভিনয় কৰি দৰ্শকৰ সমাদৰ লাভ কৰে। নাট কেইখন হৈছে ক্ৰমেঃ “পহিলা তাৰিখ”, “বৰুৱাৰ সংসাৰ”, “টেক্সি ড্ৰাইভাৰ”, “ফেৰাৰী ফৌজ”,”চোৰ”, “লভিতা”, “পিয়লি ফুকন”, “জন্ম”, “কেপ্তেইন হুৰৰা” আৰু “মৃত্যুৰ চকুলো”। উল্লেখ্য যে, ১৯৭৪ চনত নামৰূপ ফাৰ্টিলাইজাৰ ক্লাৱ আয়োজিত সদৌ অসম কলাগুৰু বিষ্ণু ৰাভা আৰু বনকোঁৱৰ আনন্দিৰাম দাস সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাত দ্বিতীয় শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দীপক ভূঞাই লাভ কৰে।ৰজনীগন্ধা, বনহংস, ফাগুনী, অশান্ত প্ৰহৰ, বৰদৈচিলা, অস্তৰাগ আদি ছবিত অভিনয় কৰা দীপক ভূঞাই মনে বিচৰা চৰিত্ৰটি ৰূপায়ন কৰিবলৈ সুবিধা পাইছিল শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত “অস্তৰাগ” ছবিখনতহে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform