আজি প্ৰেমৰ দিন; যদিও প্ৰেম কৰিবলৈ অথবা নিবেদন কৰিবলৈ নিৰ্দ্দিষ্ট এটা দিনৰ প্ৰয়োজন নহয় তথাপিও এই দিনটোত অৰ্থাৎ ১৪ ফেব্ৰুৱাৰী তাৰিখটোত এক বিশেষ অনুভৱ কৰোৱাবলৈ প্ৰয়াস কৰে প্ৰত্যেকেই। আজি ৰাতিপুৱাৰে পৰা চচিয়েল মিডিয়াত নিজ নিজ প্ৰেমাস্পদক লৈ প্ৰত্যেকেই একোটা বিশেষ মেছেজেৰে ষ্টেটাচ দিয়া দেখিবলৈ পোৱা গৈছে। এই ষ্টেটাচ সমূহ দিয়াৰ পৰা বাকী ৰোৱা নাই একোজন অসমীয়া চিলেব্ৰেটীও; চলিত মাহতে বিবাহপাশত আৱদ্ধ হ’বলগীয়া বহু চৰ্চিত যুঁটি বৰ্ষাৰাণী বিষয়াকে আৰম্ভ কৰি আইমী বৰুৱালৈ সকলোৱে নিজ নিজ প্ৰেমক লৈ আজিৰ দিনটোত ব্যস্ত হৈ পৰিছে। আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰাওআপোনালোক সকলোলৈ আজিৰ এই দিনটোত জনাইছো শুভকামনা; প্ৰেমবোৰ সফল হওঁক; প্ৰতিটো দিনত জিলিকি থাকক মৰমবোৰ, আদৰবোৰ। এইখিনিতে, আজি কোনে কেনেদৰে উদযাপন কৰিলে ভেলেন্টাইনচ ডে’, চাওঁচোন আহকঃ

Add comment