Rupaliparda.com
নিজ সুৰেৰে সুন্দৰকৈ সঁজোৱা দীপলিনা ডেকাৰ নতুন গীত "নিগাজী"- 1

নিজ সুৰেৰে সুন্দৰকৈ সঁজোৱা দীপলিনা ডেকাৰ নতুন গীত “নিগাজী”-

প্ৰেম দিৱসৰ দিনাই মুক্তিপ্ৰাপ্ত কন্ঠশিল্পী দীপলিনা ডেকাৰ “নিগাজী” গীতটিয়ে লাভ কৰিছে সমাদৰ। পোন প্ৰথমবাৰৰ বাবে নিজ সুৰেৰে সুন্দৰকৈ সঁজোৱা “নিগাজী” হৈ পৰিছে কন্ঠশিল্পী গৰাকীৰ অনুৰাগীৰ বাবে খুবেই আপোন এটি গীত। “প্ৰেম” বুলি ক’লে আমি কেৱল এহাল প্ৰেমিক-প্ৰেমিকাৰ মাজত হোৱা প্ৰেমকেই বুজো নে “প্ৰেম” জীৱনৰ প্ৰতিটো মহূৰ্তত কোনো এটা বস্তু তথা এটা সুন্দৰ গীতৰ সৈতেও হ’ব পাৰে? প্ৰশ্নটো অৱশ্যে আপোনালোকৰ বাবেহে; প্ৰেম আমি সৰুৰ পৰাই কৰিছো। ভাত খাবলৈ শিকাৰ পূৰ্বেই যেতিয়া মায়ে হাতেৰে ভাত খুৱাই দিছিল তেতিয়াৰ পৰাই আমি মাৰ স্পৰ্শৰ প্ৰেমত; আঙুলি ধৰি খোজ কঢ়াব শিকোৱাৰ পৰাই আমি পৰিছো দেউতাৰ প্ৰেমত। সকলোৱে কয় ‘প্ৰেম” ৰ কোনো নিৰ্দ্দিষ্ট সংজ্ঞা নাই গতিকে সেয়া এটা গীতৰ সৈতেও হ’ব পাৰে। গতিকে, আপোনালোকে জানেনে? এইবাৰ ভেলেন্টাইনচ ডে’ ত দীপলিনাই তেওঁৰ কোন গৰাকী “প্ৰেম” লৈ যাঁচিলে শুভাকামনা! কন্ঠশিল্পী গৰাকীয়ে তেওঁৰ সদ্যমুক্তিপ্ৰাপ্ত “নিগাজী” শীৰ্ষক গীতটিৰ জৰিয়তে নিজৰ মাতৃ আৰু অসমী আইলৈ শ্ৰদ্ধা নিবেদন কৰি জনালে প্ৰেম দিৱসৰ উলগ।


গীতটিৰ কথা ৰাহুল গৌতম শৰ্মাৰ আৰু ইয়াত সংগীত দিছে পল্লৱ তালুকদাৰে। গীতাৰ বজাইছে ইশানুয়ে লগতে শব্দ সংমিশ্ৰণ কৰিছে কৌস্তভ শইকীয়াই; আনহাতে গীতটি বাণীবদ্ধ কৰিছে বিকিয়ে। গীতটিৰ ভিডিঅ’ দৃশ্যগ্ৰহণ কৰিছে হাৰ্ডিক কাশ্যপ আৰু যুগল কিশোৰ শইকীয়াই। সমান্তৰালকৈ গীতটিৰ সম্পাদনা আৰু কলা নিৰ্দেশনা হাৰ্ডিক কাশ্যপৰ। একোটা গীত মুক্তিৰ লগে লগে জনপ্ৰিয়তাৰ শীখৰত থকা দীপলিনা ডেকাৰ “নিগাজী” য়ে মুক্তিৰ পিছতো লাভ কৰিছে জনপ্ৰিয়তা। এটা গীতত প্ৰথমবাৰৰ বাবে দিয়া সুৰে হয়টো নতুনকৈ আকৰ্ষণ কৰিলে তেওঁৰ অনুৰাগীকো; আহিবলগীয়া সময়ত আন কেনে গীত দীপলিনা ডেকাই সুৰেৰে সঁজাব সেয়া হ’ব লক্ষণীয়।

নিজ সুৰেৰে সুন্দৰকৈ সঁজোৱা দীপলিনা ডেকাৰ নতুন গীত "নিগাজী"- 2


সুৰেৰে সজোৱা তেওঁৰ প্ৰথমটো গীতক লৈ দীপলিনা ডেকাক জনাইছো ৰূপালীপৰ্দাৰ তৰফৰ পৰা অলেখ শুভকামনা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.