Rupaliparda.com
"কিন্তু তেনে নহ'ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবি আহি আছে"- মনোজ বৰকটকী 1

“কিন্তু তেনে নহ’ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবি আহি আছে”- মনোজ বৰকটকী

বিগত ১৪ বছৰৰ পৰা অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনৰ সৈতে জড়িত মনোজ বৰকটকীৰ অভিনয়ৰে শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবিখন আছিল “মিডনাইট চং”। ছবিখনত অভিনেতা গৰাকীয়ে ৰূপায়ন কৰা চৰিত্ৰটোক উক্ত ছবিখন উপভোগকাৰী প্ৰায় প্ৰতিজন দৰ্শকেই প্ৰশংসা কৰাৰ লগতে সঁহাৰি জনাইছিল মনোজ বৰকটকীৰ চৰিত্ৰটোক। ২০০৬ চনৰ পৰা মঞ্চ নাটৰ জৰিয়তেই অভিনয় ক্ষেত্ৰখনত যোগ দিয়া মনোজ বৰকটকীৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ এতিয়াৰে পৰা অপেক্ষাৰত হৈ পৰিছে তেওঁৰ অনুৰাগী। ৰূপালীপৰ্দাৰ ফালৰ পৰা এইগৰাকী অভিনেতাৰ সৈতে আমি পাতিছিলো কিছু কথা। “মিডনাইট চং” ৰ লগতে তেওঁৰ পৰিকল্পনা সমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছিলো। “মিডনাইট চং” ৰ চৰিত্ৰটোৰ বহুল প্ৰশংসা লাভ কৰা পিছত অভিনেতাগৰাকীয়ে নিজৰ ফালৰ পৰা আৰু অকণমান দিব পৰা গ’লেহেঁতেন বুলি ভাবিছিল নেকি? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “প্ৰথমতে মই কৃতজ্ঞতা জনাইছো সকলো দৰ্শকলৈ যিসকলে মোৰ এই চৰিত্ৰটোক আদৰি ল’লে। মই এই কথাটোক অকণমান বেলেগ ধৰণেৰে চাওঁ, নিশ্চয়কৈ এতিয়া ছবিখন চাই থাকিলে আৰু কিবা কিবি কৰিব পৰা গ’লেহেঁতেন যেন ভাব হয় থাকে। সেইটো অৱশ্যে প্ৰত্যেকটো কামতেই হয়, কিন্তু মই বিশ্বাস কৰো যে চৰিত্ৰটো কৰি থকাৰ সময়ত মোৰ চৰিত্ৰটোৰ অনুভৱবোৰ সঁচাকৈ মোৰ অনুভৱেৰে ব্যক্ত কৰিব পাৰিছিলো নে নাই! মই এটা চৰিত্ৰ ৰূপায়ন কৰা সময়ছোৱাত সেই চৰিত্ৰটোক সততাৰে জীয়াব বিচাৰো।”

"কিন্তু তেনে নহ'ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবি আহি আছে"- মনোজ বৰকটকী 2


ক’ৰোণা সন্ত্ৰাসৰ পৰা ফালৰি কাটি “মিডনাইট চং” ক লৈ মনোজে কি আশা কৰিছিলি বুলি সোধাত তেওঁ কয় যে, “এতিয়া যিমান দৰ্শক হ’ল তাতকৈ অলপ বেছি আশা কৰিছিলো। কিন্তু যিসকলে ছবিখন উপভোগ কৰিলে তাৰেই অধিক সংখ্যকে ছবিখনৰ বিভিন্ন দিশক লৈ ধনাত্মক মতামত ব্যক্ত কৰিছে; সেইটো এক খুব ভাল লগা কথা।” চৰিত্ৰ ৰূপায়নৰ ভিন্নতা মনোজ বৰকটকীৰ বৰ্তমানলৈ মুক্তিপ্ৰাপ্ত ছবিসমূহত দেখিবলৈ পোৱা যায় লগতে দৰ্শকৰ প্ৰশংসাও তেওঁৰ ক্ষেত্ৰত ততোধিক। আহিবলগীয়া সময়ত তেওঁ আৰু কেনে কামৰ আশা কৰে বুলি সোধাত তেওঁ কয় যে, “সঁচাকৈ ক’বলৈ গ’লে, ককাইদেউ বিন্দাছৰ পিছত মই ভাবিছিলো অসমীয়া ভাল ভাল ছবিৰ অফাৰ লগতে কামৰ পৰিমাণ বাঢ়িব। কিন্তু তেনে নহ’ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবিৰ অফাৰ আহি আছে। অৱশ্যে আপুনি কোৱাৰ দৰে, এইবাৰো আগৰ কামবোৰৰ দৰে “মিডনাইট চং” ছবিখন উপভোগ কৰি মোৰ কাম ভালপোৱা বুলি সকলোৱে কৈছে; গতিকে আশা কৰিছো এইবাৰ দৃশ্যপট কিছু সলনি হ’ব।”

"কিন্তু তেনে নহ'ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবি আহি আছে"- মনোজ বৰকটকী 3
"কিন্তু তেনে নহ'ল, আগৰ দৰেই বছৰত এখন দুখন অসমীয়া ছবি আহি আছে"- মনোজ বৰকটকী 4


তেওঁ আগলৈ কয় যে, “মই ভাল স্ক্ৰীপ্ট আৰু আগতে নকৰা চৰিত্ৰৰ সন্ধানত আছো আৰু আগলৈও থাকিম। এতিয়া ডিজিটেল প্লেটফৰ্ম সমূহো অসমলৈ আহিছে গতিকে ভাল ৱেব চিৰিজ আৰু চিনেমাৰ অফাৰলৈ বাট চাই আছো।” আগন্তুক সময়ত পৰিচালনা দিশটোত আগবাঢ়িব নে বুলি কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, “এখন চিনেমা আৰু এখন ৱেব চিৰিজৰ স্ক্ৰীপ্ট লিখি প্ৰায় সম্পূৰ্ণ কৰি থৈছো; প্ৰযোজক পালে কাম আৰম্ভ কৰিম।”

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform