Rupaliparda.com
পৰিচালক অৰুণজিৎ বৰালৈ সফলতাঃ Stage 32 ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা তেওঁক- 1

পৰিচালক অৰুণজিৎ বৰালৈ সফলতাঃ Stage 32 ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা তেওঁক-

দৰ্শকৰ পৰা লাভ কৰা সমাদৰৰ পিছত “মিডনাইট চং” ৰ পৰিচালক অৰুণজিৎ বৰাৰ কাষ চাপিছে আন এক সফলতা। অসম খনক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চোকে-কোণে লৈ যোৱাৰ স্বাৰ্থত অহৰহ একাংশ অসমীয়া প্ৰতিভাসম্পন্ন শিল্পীয়ে চেষ্টা কৰি গৈছে। তাৰ ভিতৰত এগৰাকী হৈছে পৰিচালক অৰুণজিৎ বৰা; মনোৰঞ্জন ক্ষেত্ৰখনৰ প্ৰতি থকা নিজৰ অতিপাত মৰমৰ বাবে আধাতে নিজ চাকৰিত বিৰাম লগাই মুম্বাইলৈ কিবা এটা বিশেষ কাম কৰাৰ স্বাৰ্থত আগবাঢ়ি যোৱা অৰুণজিৎ বৰাৰ শিল্পী জীৱনটোলৈ আহিছে আন এক সফলতা। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ জনপ্ৰিয় শিক্ষা আৰু মনোৰঞ্জন দিশৰ নেটৱৰ্কিং ৱেবচাইট Stage 32 ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা কৰা হৈছে অৰুণজিৎ বৰাক। Stage 32 হৈছে এনে এক ৱেবচাইট যিয়ে বিশ্বৰ চোকে-কোণে থকা প্ৰতিভাসমূহক ইজনে আনজনৰ সৈতে সংযোগ স্থাপন কৰাৰ ব্যৱস্থা কৰি দিয়াৰ সমান্তৰালকৈ ইজনে আনজনৰ প্ৰতিভাসমূহৰ সৈতে চিনাকী হয় তেওঁলোকৰ সৈতেও কাম কৰাৰ সুবিধা প্ৰদান কৰে। অৰ্থাৎ বিশ্বৰ প্ৰতিখন দেশ তথা ৰাজ্যৰ প্ৰতিভা সমূহে ইজনে আনজনৰ সৈতে কথা পতাৰ লগতে বিভিন্ন দিশত শিক্ষাও লাভ কৰিব পাৰিব। সহজ অৰ্থত, ভাষা-সংস্কৃতিৰ প্ৰসাৰ আৰু প্ৰচাৰ অথবা আমাৰ প্ৰতিভা সমূহক তেওঁলোকৰ মাজলৈ লগতে তেওঁলোকৰ প্ৰতিভাসমূহক আমাৰ মাজলৈ লৈ অনাৰ ক্ষেত্ৰত এই ৱেবচাইটোৰ কৰ্মসমূহ অধিক মন কৰিবলগীয়া। ২০১১ চনতে Stage 32 মুকলি কৰিছিল ৰিচাৰ্ড “আৰ বি” বট্টোৱে।

পৰিচালক অৰুণজিৎ বৰালৈ সফলতাঃ Stage 32 ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা তেওঁক- 2


প্ৰায় ১০০০ টা ইণ্ডাষ্ট্ৰীৰ প্ৰতিভা সমূহৰ সৈতে সম্প্ৰতি কৰ্ম সম্পাদন কৰি আছে Stage 32 য়ে। Stage 32 প্লেটফৰ্মে প্ৰতিভাসমূহক নিজ নিজ দিশত কৰ্ম প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰে। ভাৰতবৰ্ষত এই ৱেবচাইটটোৰ প্ৰসাৰ আৰু প্ৰচাৰৰ দায়িত্ব প্ৰদান কৰা হৈছে অৰুণজিৎ বৰাক। শেহতীয়াকৈ গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেল অনুষ্ঠিত কৰি অৰুণজিৎ বৰাই এই কথা আনুষ্ঠানিক ভাৱে জানিবলৈ দিয়ে ৰাইজক; ক’ৰোণা ভাইৰাছৰ সন্ত্ৰাসৰ ফলত Stage 32 ৰ তৰফৰ পৰা কোনো বিশেষ আয়োজন কৰিব নোৱাৰাৰ বাবেই তেওঁলোকে একোটা ভিডিঅ’ যোগেৰেই অৰুণজিৎ বৰালৈ শুভেচ্ছা বাণী প্ৰেৰণ কৰে। উল্লেখ্য যে, অৰুণজিৎ বৰাৰ দ্বাৰা নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি “মিডনাইট চং” ত থকা একমাত্ৰ “শেষ নহয় যেন আকাশ” শীৰ্ষক গীতটিৰ পৰিচালনাৰ দায়িত্বত থকা মেগন ৰ’জ স্কটকো পৰিচালক গৰাকীয়ে উক্ত ৱেবচাইটোৰ দ্বাৰাই সংযোগ কৰাৰ সুবিধা অৰ্জন কৰিছিল।

পৰিচালক অৰুণজিৎ বৰালৈ সফলতাঃ Stage 32 ৰ ব্ৰেণ্ড এম্বেচাদৰ ৰূপে ঘোষণা তেওঁক- 3


আহিবলগীয়া সময়ত অৰুণজিৎ বৰাই ৱেবচাইটোক লৈ কেনেধৰণৰ কৰ্ম কৰি যাব সেয়া হ’ব লক্ষণীয়। আনহাতে, তেওঁৰ এই সফলতাক লৈ তেওঁলৈ যাঁচিছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform