এগৰাকী পৰিচালকে প্ৰত্যেকদিনেই নিজ প্ৰকল্পত থকা প্ৰতিটো চৰিত্ৰকে গুৰুত্ব প্ৰদান কৰি নিজ সৃষ্টিক পূৰ্ণাংগ ৰূপ দিবলগীয়া হয়। সম্প্ৰতি সময়ৰ একাংশ নৱপ্ৰজন্মৰ পৰিচালকৰ পৰিচালনাৰ দিশটোত থকা সৰু সৰু কথাৰ জ্ঞানে তেওঁলোকক দৰ্শকৰ সমুখত আৰু অধিক গ্ৰহণযোগ্য কৰি তুলিছে। আপোনালোকে ছাগে বিগত বৰ্ষৰ পৰা অসমীয়া ছবি ক্ষেত্ৰখনত এখন ছবিৰ বহুল চৰ্চা হোৱা শুনিবলৈ পাইছে; সম্পূৰ্ণ ১৩ বছৰৰ অন্তত আকৌ অভিনয়ৰ দিশটোলৈ নামি অহা মৃদুলা বৰুৱা লগতে দুগৰাকী অসমীয়া জনপ্ৰিয় তথা সুদক্ষ অভিনেত্ৰী ক্ৰমে মলয়া গোস্বামী আৰু মাধুৰিমা চৌধুৰীৰ যুঁটিৰে মুক্তি লাভ কৰিব ছবি “জীৱনৰ সন্ধানত”। ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে নৱপ্ৰজন্মৰ পৰিচালক আৰু আজিৰ আমাৰ ৰূপালীপৰ্দাৰ দেওবৰীয়া বিশেষৰ অতিথি মৃন্ময় শইকীয়া; আজি তেওঁৰ বিষয়ে কিছু কথা জনাৰ সমান্তৰালকৈ পাতিম ছবি জগতখনৰো কথা। চাওঁচোন আহকঃ

প্ৰশ্নঃ পৰিচালনা ক্ষেত্ৰখনৰ সৈতে তুমি কেতিয়াৰ পৰা জড়িত?
মৃন্ময় শইকীয়াঃ প্ৰথমতে ধন্যবাদ ৰীমা। মোক এইখিনি সুবিধা দিয়াৰ বাবে; পৰিচালনা দিশটোৰ সৈতে কেনেদৰে জড়িত বুলি ক’বলৈ গ’লে পোনপ্ৰথমে মই নাম ল’ব লাগিব তেজপুৰ বিশ্ববিদ্যালয়ৰ। মই বিশ্ববিদ্যালয়লৈ এগৰাকী গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰৰ ছাত্ৰ ৰূপেহে গৈছিলো; কিন্তু তাত গৈ যেতিয়া মোৰ অনুজ সকলক ছবি নিৰ্মাণ কৰা দেখিলো তেতিয়া আচলতে মোৰ মনটোও সেইপিনে ঢাল খাইছিল। সাংবাদিকতা বিভাগটোৰ ভিতৰত ছবি নিৰ্মাণৰ পাঠ্যক্ৰমো সন্নিৱিষ্ট হৈ থাকে বুলি যেতিয়া গম পালো তেতিয়া অৱশ্যে মোৰ মনটোত বিশ্ববিদ্যালয়খনৰ প্ৰতি থকা শ্ৰদ্ধা দুগুণ বৃদ্ধি হৈছিল। এই বিশ্ববিদ্যালয়ত থাকিয়ে মই কেইবাখনো চুটি ছবি নিৰ্মাণ কৰিলো লগতে বিশিষ্ট ব্যক্তি আৰু চলচিত্ৰ সমাৰোহ সমূহৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সক্ষম হৈছিলো। ছবি এখনৰ আঁৰৰ বহুখিনি বস্তুক বুজি উঠিছিলো সেইটো সময়ত; বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ত আমি ছবি নিৰ্মাণ বিষয়টোৰ এগৰাকী প্ৰফেচাৰ ড° শংকৰ বৰুৱাক লগ পাইছিলো। তেওঁ যদিও পিছলৈ শিক্ষাদান কৰা এৰি সম্পূৰ্ণৰূপে ছবি নিৰ্মাণত মনোনিৱেশ কৰিছিল তেতিয়াও আমি তেওঁৰ সৈতে সংযোগত আছিলো; বিশ্ববিদ্যালয়ৰ পৰা ওলাই অহা পিছত আমি তিনিজন মান বন্ধুয়ে লগ হৈ তেওঁৰ সৈতে বহুখিনি কাম কৰিলো আৰু শিকিলো। সহঃ পৰিচালকক যদিও কোনোৱে ধন্যবাদ নিদিয়ে তথাপিও নিজৰ গন্তব্যস্থান পাবলৈ হ’লে এইখিনি যাত্ৰা অতিক্ৰম কৰিবই লাগিব। এনেকৈয়ে আচলতে আৰম্ভ হৈছিলো মোৰ পৰিচালনাৰ যাত্ৰা।

প্ৰশ্নঃ এখন ছবি নিৰ্মাণ সাধাৰণতে ইমান সহজ নহয়; তুমি কি ভাবা?
মৃন্ময় শইকীয়াঃ অ’ ছবি নিৰ্মাণ সহজ কথা নহয়। ইয়াত তিনিটা স্তৰ আছে ক্ৰমে প্ৰি-প্ৰডাকচন, প্ৰডাকচন আৰু পোষ্ট-প্ৰডাকচন; প্ৰি-প্ৰডাকচনত আমি ছবিখনৰ স্ক্ৰীপ্ট খন লিখিবলগীয়া হয়। স্ক্ৰীপ্ট খন লিখিম বুলি কোৱাৰ লগে লগেই আমি তাত এখন অন্য পৃথিৱী আঁকি ল’ব লাগে; তাত থকা প্ৰতিটো চৰিত্ৰক আমি জীৱন্ত কৰি তুলিবলৈ চেষ্টা কৰিবলগীয়া হয় যাতে এখন ছবিৰ প্ৰতিটো চৰিত্ৰই দৰ্শকক সংযোগ কৰিব পাৰে। সমান্তৰালকৈ, লিখি উলিওৱা স্ক্ৰীপ্টখনক যেতিয়া আমি দৰ্শকৰ মাজত উলিয়াই আনিম তেতিয়া আমি তাত কিয় হ’ল, কেনেকৈ হ’ল আৰু আগলৈ কি হ’ব এইখিনি বস্তুৰ উদ্দেশ্যবোৰ থিৰাং কৰি ল’বলগীয়া হয়। প্ৰডাকচনৰ সময়ত ভাল অভিনেতাৰ লগতে, ভাল দৃশ্যগ্ৰহণকাৰী যিয়ে পৰিচালকৰ বস্তুবোৰ ফুটাই তুলিব পাৰে আৰু তাৰ পিছত ছবিখন সম্পাদন কৰালৈ প্ৰতিটো বস্তুৰ ওপৰত একোগৰাকী পৰিচালকে গুৰুত্ব দিব লাগে। প্ৰতিজন পৰিচালকৰ উক্ত তিনিটা বিভাগ আটাইতকৈ গুৰুত্বপূৰ্ণ; গতিকে মই এগৰাকী পৰিচালকৰ যিটো কৰ্ম সেইটো একোটা কঠিন কৰ্মৰ ভিতৰতেই এটা বুলি ক’ম।

প্ৰশ্নঃ এগৰাকী পৰিচালক হিচাপে কেনেবোৰ কাহিনীয়ে আকৰ্ষণ কৰে তোমাক?
মৃন্ময় শইকীয়াঃ এগৰাকী পৰিচালক ৰূপে প্ৰায় প্ৰতিটো কাহিনীয়ে মোক আকৰ্ষণ কৰে। কাহিনীটোত থকা গভীৰতাই যদি মোক সংযোগ কৰিবলৈ সক্ষম হৈছে তেতিয়াহ’লে সেই কাহিনীটো মোৰ বাবে প্ৰিয় হৈ পৰে। কেতিয়াবা মোৰ ড্ৰামাও ভাল লাগে, কেতিয়াবা ৰাজনৈতিক, থ্ৰীলাৰ ধৰ্মী ছবিও পচন্দ হয়। মই যেনেদৰে গেংগচ অফ ৱাচিপুৰ ভাল পাওঁ, ঠিক তেনেদৰে মই “3 idiots” য়ো ভাল পাওঁ; গতিকে যি কাহিনীয়ে মোক সংযোগ কৰে তেনে প্ৰতিটো কাহিনীয়ে মোৰ বাবে উপভোগ্য। অৱশ্যে, কাহিনীভাগৰ উপস্থাপনশৈলীটো সুন্দৰ হ’ব লাগিব।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব বিচাৰিম।
মৃন্ময় শইকীয়াঃ মই শেহতীয়াকৈ Nexster Studios নামে এটা OTT প্লেটফৰ্মৰ সৈতে জড়িত হৈছো। তেওঁলোকৰ তৰফৰ পৰা মই এখন “কলিৱেদ” নামে ৱেব চিৰিজ প্ৰস্তুত কৰিম; যাৰ স্ক্ৰীপ্টিং যোৱা ৮ ফেব্ৰুৱাৰী তাৰিখে সমাপ্ত হৈছে। বৰ্তমান এই এপটোৰ সৈতে জড়িত কাৰিকৰী দিশবোৰ লক্ষ্য কৰি আছো আৰু অহা এপ্ৰিল মাহৰ পৰা হয়টো আমি কলিৱেদৰ শ্বুটিং আৰম্ভ কৰিম; দৰ্শকৰ সোঁৱাদ আৰু একোখন ৱেব চিৰিজৰ সৰু সৰু কথাক আমি মনত ৰাখি চিৰিজখনৰ প্ৰস্তুতিৰ বাবে আগবাঢ়িছো। আপোনালোকৰ সহায়-সহযোগিতাৰ প্ৰয়োজন হ’ব।

ৰূপালীপৰ্দাঃ ধন্যবাদ মৃন্ময় শইকীয়া; আপোনাৰ প্ৰকল্প সমূহ সফল হওঁক।
মৃন্ময় শইকীয়াঃ ধন্যবাদ।
Add comment