Rupaliparda.com
"কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব"-পৰিণীতা গোস্বামী 1

“কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব”-পৰিণীতা গোস্বামী

নতুন প্ৰজন্মৰ নতুন নতুন কথা আমি প্ৰত্যেকদিনাই আপোনালোকক জনাই আহিছো। তেওঁলোকৰ প্ৰতিভাই আমাক সদায় আপ্লুত কৰি ৰাখিছে; শেহতীয়াকৈ চচিয়েল মিডিয়াত ভাইৰেল হৈছে এটি আহিবলগীয়া নতুন গীতৰ পোষ্টাৰ। The Blissed Integration নামে সংগীত বেণ্ডৰ এগৰাকী সদস্য পৰিণীতা গোস্বামীক আপোনালোকে ইতিমধ্যে বহুবাৰ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিয়া দেখিবলৈ পাইছে। আনহাতে তেওঁৰ কন্ঠৰে চচিয়েল মিডিয়াত ভাইৰেল হোৱা একোটা পোষ্টো হয়টো আপোনালোকৰ চকুতো পৰিছে। তেওঁৰ সৈতেও আমি ৰূপালীপৰ্দাৰ তৰফৰ পৰা পাতিছিলো কিছু কথা; সংগীত ক্ষেত্ৰখনত কৰা আৰম্ভণিৰ বিষয়ে সোধাত পৰিণীতাই কয় যে, “সৰুৰ পৰাই মই এই সংগীত ক্ষেত্ৰখনৰ সৈতে জড়িত; মোৰ গোটেই পৰিয়ালটো সংগীতপ্ৰেমী। জ্যোতি সংগীত, ৰাভা সংগীতকে ধৰি বৰগীত আদি শুনি শুনিয়ে মই ডাঙৰ হৈছো; মোৰ মা-দেউতাকো সৰুৰে পৰা দেখিছো-শুনিছো গীত গোৱা। গতিকে, মোৰ মা-দেউতা বাৰ বাবেই হয়টো মই এই সংগীত ক্ষেত্ৰখনৰ প্ৰতি আকৰ্ষিত হৈছিলো; আৰু এতিয়া সংগীত অবিহনে মই আৰু মোৰ জীৱন অৰ্থহীন।” কন্ঠশিল্পী গৰাকীৰ “আলিবাট” গীতটিৰ বাবে তেওঁ কিমান আশাবাদী বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে, “আলিবাট” মোৰ জীৱনৰ প্ৰথমটো গীত হ’ব। এই গীতটিক লৈ খুবেই আশাবাদী মই আৰু মোৰ সমগ্ৰ টীমটো।”

"কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব"-পৰিণীতা গোস্বামী 2
"কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব"-পৰিণীতা গোস্বামী 3

“
তেওঁ আগলৈ কয় যে, “গান শিকাৰ পৰাই এটা সপোন আছিল যে কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব। এই সপোনটো দিঠক হ’বলৈ হয়টো আৰু বেছি দিন নাই। গীতটিয়ে যদি মানুহক অলপ হ’লেও চুব পাৰে, আমি গোটেই টীমটোৱে সাৰ্থক হ’ব বুলি মই ভাবিম। এইক্ষেত্ৰত আপোনালোক আটাইৰে সহায় বিচাৰিছো।” পৰিণীতা গোস্বামীৰ ফালৰ পৰা এগৰাকী শিল্পীৰ সংজ্ঞা জানিবলৈ বিচৰাত তেওঁ কয় যে, “এই প্ৰশ্নটো উত্তৰ দিয়া খুবেই কঠিন। এজন শিল্পী হ’বলৈ তেওঁৰ নিজৰ কলাৰ বিষয়ে সম্যক জ্ঞান থকাটো উচিত। মোৰ মতে প্ৰতিজন সংগীতশিল্পী, কন্ঠশিল্পী আদি সকলো হ’ব পাৰে কিন্তু এগৰাকী শিল্পী ১০ জনৰ ভিতৰত এগৰাকীয়ে হ’ব পাৰে। এজন শিল্পীক লৈ সকলো আশাবাদী; সেয়েহে এজন শিল্পীৰ প্ৰত্যেকদিনাই প্ৰত্যেককে উৎসাহ যোগাব পৰা ক্ষমতা থাকে। এজন মিউজিচিয়ানক যেতিয়া “শিল্পী” বুলি সম্বোধন কৰা হয় তেতিয়া সেয়া তেওঁৰ বাবে সৰ্বোত্তম উপহাৰ বুলি মই ভাবো কিয়নো শিল্পী হোৱাটো মোৰ বাবে সপোনৰ দৰে; দিঠক কৰিবলৈ মই চেষ্টা কৰি যাম।”

"কেতিয়াবা নিজাকৈ এটা গীত কৰিম, শ্ৰোতা-দৰ্শকে উপভোগ কৰিব"-পৰিণীতা গোস্বামী 4


পৰিণীতা গোস্বামীৰ এনে বিশ্বাসৰ বাবেই তেওঁৰ আহিবলগীয়া প্ৰকল্পসমূহক লৈ আচলতে সেইবাবেই অপেক্ষাৰত সংগীতপ্ৰেমী

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.