Rupaliparda.com
এইবাৰ ভিডিঅ'ত ৰিচা ভৰদ্বাজৰ "মৰমে টানিছে"- 1

এইবাৰ ভিডিঅ’ত ৰিচা ভৰদ্বাজৰ “মৰমে টানিছে”-

চলিত বৰ্ষৰ প্ৰথমটো ভাইৰেল তথা জনপ্ৰিয় গীতটি আছিল ৰিচা ভৰদ্বাজৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “মৰমে টানিছে”। গীতটিৰ বহুল জনপ্ৰিয়তাৰ পিছত ইয়াৰ ভিডিঅ’টোৰ বাবেও অপেক্ষাৰত হৈ ৰৈছিল ৰিচা ভৰদ্বাজৰ বহু অনুৰাগী; “বাৰিতে পাৰি পাক, বিচাৰি আনিম শাক”, “মৰম দি মৰম ল’ম” ইত্যাদি বিভিন্নতা শাৰীয়ে আচলতে প্ৰতিজন সংগীত প্ৰেমী শ্ৰোতাকেই আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সমান্তৰালকৈ, সদ্যমুক্তিপ্ৰাপ্ত উক্ত গীতটিৰ ভিডিঅ’টোতো অংকুৰিত হৈছে সফলতা। স্কুলত পঢ়ি থকা সময়ৰ পৰাই সংগীত ক্ষেত্ৰখনত জড়িত ৰিচাৰ এই গীতটিত অভিনয় কৰিছে কন্ঠশিল্পী গৰাকীৰ লগতে সুব্ৰত দেউৰীয়ে। আনহাতে, গীতটিৰ ভিডিঅ’ পৰিচালনা কৰিছে শচীন বৰুৱাই আৰু গীতটিৰ দৃশ্যগ্ৰহণ কৰিছে বিতুল দাসে। সম্পাদনা মানস কাশ্যপৰ। এইখিনিতে, ৰিচাৰ এক সাক্ষাৎকাৰ যোগে যেতিয়া তেওঁক আহিবলগীয়া সময়ৰ পৰিকল্পনাৰ বিষয়ে প্ৰশ্ন কৰা হৈছিল তেতিয়া তেওঁ আন এটা গীতৰ কথা উল্লেখ কৰিছিল। “পৰিলো তোমাৰ প্ৰেমত” শীৰ্ষক আন এটি গীতৰ জৰিয়তে অনুৰাগীৰ কাষ চাপিব ৰিচা ভৰদ্বাজ।


ৰিচা ভৰদ্বাজৰ সংগীত জীৱনৰ জনপ্ৰিয় গীত “মৰমে টানিছে” ত কথা আৰু সুৰ দিছে চিন্ময় কৌশিকৰ লগতে জয় নিৰ্বাণে। গীতটিত সংগীত দিয়াৰ সমান্তৰালকৈ শব্দ সংমিশ্ৰণ কৰিছে প্ৰণয় দত্তই। উল্লেখ্য যে, সংগীতৰ লগতে অভিনয়ৰ দিশতো সমানে পাৰদৰ্শিতা দেখুওৱা ৰিচা ভৰদ্বাজৰ অভিনয়ক অনুৰাগীয়ে প্ৰত্যেকদিনেই বৰ্তমান উপভোগ কৰিবলৈ পাইছে অসমীয়া ধাৰাবাহিক “সপোনৰ ডেউকা” ত। আমি মনোৰঞ্জন ভাল পাওঁ আৰু আমি হতাশ হ’লে অকণমান মনোৰঞ্জনৰেই প্ৰয়োজন হয়। এই ক্ষেত্ৰখনত থকা সংগীতে আমাক প্ৰতিটো সময়ত জীপাল কৰে, আমাৰ একাংশই ৰাতি নিদ্ৰা দেৱীৰ কোলাত যাবলৈও কাষ চাপে সংগীতৰ। সুমধুৰ কন্ঠ; তাতেই আকৌ একোটা মনপৰশা গীতৰ শব্দত প্ৰায় বহু জনসাধাৰণ আপ্লুত হৈ পৰে।

এইবাৰ ভিডিঅ'ত ৰিচা ভৰদ্বাজৰ "মৰমে টানিছে"- 2


কেইবাটাও বাণিজ্যিক গীতে যদিও সংগীত ক্ষেত্ৰখনত ঠাই বনাইছে তৎস্বত্বেও একোটি সুন্দৰ গীতক লৈ এতিয়া জনসাধাৰণৰ যথেষ্ট আগ্ৰহ দেখিবলৈ পোৱা গৈছে। ৰিচা ভৰদ্বাজৰ সংগীত লগতে তেওঁৰ অভিনয়ক লৈ ৰূপালীপৰ্দাৰ তৰফৰ পৰাও জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform