Rupaliparda.com
প্ৰিয়ংকা ভৰালীৰ নতুন গীত "বগাকৈ বগলী" ৰ মুক্তিঃ 1

প্ৰিয়ংকা ভৰালীৰ নতুন গীত “বগাকৈ বগলী” ৰ মুক্তিঃ

প্ৰিয়ংকা ভৰালীৰ নতুন গীত “বগাকৈ বগলী” য়ে ইতিমধ্যে লাভ কৰিছে মুক্তি। নতুন বৰ্ষত নতুন এটি গীতৰ সৈতে ৰাইজৰ কাষ চাপিছে কন্ঠশিল্পী গৰাকী। ৰেকিবুলৰ কথা আৰু সুৰেৰে গীতটিত সংগীত কৰিছে দীপকেশে। শেহতীয়াকৈ প্ৰিয়ংকা ভৰালীয়ে “এচেৰেঙা ৰ’দালী” তৰফৰ পৰা ২০২০ বৰ্ষটোৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিল। কন্ঠশিল্পী গৰাকীয়ে নিজৰ পুৰষ্কাৰৰ এখন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰে আৰু এই প্ৰাপ্তিৰ বাবে নিজৰ সুখানূভূতিও ব্যক্ত কৰে। প্ৰিয়ংকা ভৰালীৰ ক্ষেত্ৰত তেওঁৰ অনুৰাগীৰ পৰিয়াল যে সঁচাকৈ ডাঙৰ যাক নুই কৰিব পৰা নাযায়। ১৯৮৮ চনৰ ১০ অক্টোবৰত জন্মগ্ৰহণ কৰা প্ৰিয়ংকা ভৰালীয়ে সৰুৰ পৰাই বিভিন্ন জন গুৰুৰ পৰা সংগীতৰ শিক্ষা লাভ কৰিছিল। এটা সাক্ষাৎকাৰত কন্ঠশিল্পী গৰাকীয়ে নিজেই ব্যক্ত কৰিছিল যে তেওঁলোকৰ ঘৰুৱা অৱস্থা অৰ্থনৈতিকভাৱে টনকিয়াল নোহোৱাত কন্ঠশিল্পী গৰাকীয়ে ঘৰতেই টিউচন কৰোৱাই সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল।

প্ৰিয়ংকা ভৰালীৰ নতুন গীত "বগাকৈ বগলী" ৰ মুক্তিঃ 2


২০০৯ চনতে তেওঁ এই সংগীত ক্ষেত্ৰখনত প্ৰফেচনেলি সোমাই পৰিছিল; তেওঁৰ প্ৰথমটো গীত আছিল “জানমণি” ভিচিডিৰ “কাহিলী পুৱাতে জান ঐ”। ইয়াৰ পিছৰ পৰাই তেওঁ কেইবাটাও গীতত কন্ঠদান কৰি শ্ৰোতাক গুণমুগ্ধ কৰি তুলছিল। ইয়াৰ ভিতৰত আছিল “চেঁচা পৰি যাব নিদিবা”, “অকুৱা পকুৱা”, “হেভি হেণ্ডচাম”, টেক্সি গাড়ী” লৈ ইত্যাদি। মিলিয়নৰ অংকত ভিউৱাৰচ তেওঁৰ প্ৰতিটো গীতত। বিগত বৰ্ষত তেওঁৰ কন্ঠৰে মুক্তিপ্ৰাপ্ত “এধানি কলিজা” শীৰ্ষক গীতটিয়ে লাভ কৰিছে অনুৰাগীৰ বহুল সমাদৰ লগতে ক্ষন্তেকতে ই চচিয়েল মিডিয়াত লাভ কৰিছিল বহুল চৰ্চা।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.