Rupaliparda.com
নিজ ছাল সংৰক্ষণৰ বাবে আলিয়া ভাটে এৰিলে চাহ আৰু কফিঃ 1

নিজ ছাল সংৰক্ষণৰ বাবে আলিয়া ভাটে এৰিলে চাহ আৰু কফিঃ

আলিয়া ভাটৰ অনুৰাগীৰ সংখ্যা কিমান দীঘলীয়া সেয়া হয়টো সকলোৱে জানে। তেওঁৰ প্ৰতিটো সৰু-ডাঙৰ বস্তুক জানিবলৈ বিচাৰে তেওঁৰ অনুৰাগীয়ে; সেই অনুপাতে অভিনেত্ৰী গৰাকীয়েও একোখনকৈ ফটো আপলোড কৰি গৈ থাকে চচিয়েল মিডিয়াত। শেহতীয়াকৈ অভিনেত্ৰী গৰাকীৰ সৈতে জড়িত আকৌ আন এক খবৰ ভাইৰেল হোৱা দেখিবলৈ পোৱা গৈছে। অভিনেত্ৰীগৰাকীয়ে নিজৰ ছাল খন ভালে ৰখাৰ উদ্দেশ্য এৰি পেলাইছে কফি আৰু চাহ। মিডিয়াক দিয়া সাক্ষাৎকাৰত তেওঁ নিজেও এই কথা স্পষ্ট কৰে; আচলতে কফি আৰু চাহত অধিক পৰিমাণে কফিন থাকে যিটোৱে ছালৰ ক্ষতি সাধন কৰে আৰু অভিনেত্ৰী আলিয়া ভাটে কোনোপধ্যেই নিজ ছালৰ ক্ষতি হোৱাটো নিবিচাৰে। ১৯৯৩ চনত জন্মগ্ৰহণ কৰা আলিয়া ভাটে সৰুতেই “সংঘৰ্ষ” নামে ছবিখনত অভিনয় কৰিছিল লগতে কৰণ জহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ৰ পৰা তেওঁ দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।

নিজ ছাল সংৰক্ষণৰ বাবে আলিয়া ভাটে এৰিলে চাহ আৰু কফিঃ 2
নিজ ছাল সংৰক্ষণৰ বাবে আলিয়া ভাটে এৰিলে চাহ আৰু কফিঃ 3


চচিয়েল মিডিয়াত সক্ৰিয় আলিয়া ভাটে ইনষ্টাগ্ৰামত ইতিমধ্যে সম্পূৰ্ণ কৰিলে ৫০ মিলিয়ন অনুৰাগী। তেওঁ ইনষ্টাগ্ৰামত এক পোষ্ট যোগে তেওঁৰ আটাইবোৰ অনুৰাগীক ধন্যবাদ জ্ঞাপন কৰে। সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত আলিয়া ভাটক চচিয়েল মিডিয়াত বহুল ৰূপত ট্ৰোল কৰা হৈছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.