Rupaliparda.com
"অনু'ৰ Eyes On the Sunshine" ৰ সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুলঃ 1

“অনু’ৰ Eyes On the Sunshine” ৰ সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুলঃ

বহু প্ৰত্যাশিত এখন অসমীয়া ছবি “অনু’ৰ Eyes On the Sunshine” ৰ ইতিমধ্যে সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুল। এটা পৰিয়ালে সন্মুখীন হোৱা সমস্যাসমূহক এক নতুন দৃষ্টিৰে দেখুৱাবলৈ প্ৰয়াস কৰা এই ছবিখনৰ মূল আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে ইয়াত মূখ্য চৰিত্ৰ ৰূপায়িত অভিনেতা বলীউডৰ খ্যাতিসম্পন্ন ৰজত কাপুৰ। অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰি উলিয়াইছে মঞ্জুল বৰুৱাই। শ্বুটিং চিড্যুল সম্পূৰ্ণ হোৱা এই ছবিখনৰ বিভিন্ন আপডেট ইতিমধ্যে চচিয়েল মিডিয়া যোগে পৰিচালক গৰাকীৰ লগতে ছবিখনৰ সৈতে জড়িত সকলোৱে জনসাধাৰণক দি আহিছে। সংবেদনশীল চিত্ৰনাট্যৰে আগবঢ়া ছবিখনে আগন্তুক সময়ত যে চলচিত্ৰ প্ৰেমী জনসাধাৰণক আকৰ্ষণত সক্ষম হ’ব সেয়া একাষাৰে কৈ দিলেও হয়টো অতিৰঞ্জিত নহ’ব। ছবিখনৰ চিত্ৰনাট্য তথা সংলাপৰ দায়িত্বত আছে পৰিচালক মঞ্জুল বৰুৱা নিজেই। ছবিখনত ৰজত কাপুৰৰ সৈতে অভিনয় কৰিছে ক্ৰমে , ডাঃ জাহানাৰা বেগম, বলোৰাম দাস, উদয়ণ দুৱৰা, বিভূতি ভূষণ হাজিৰকা, ডাঃ জয়ন্ত দাস, অমূল্য কাকতি, ৰাজশ্ৰী শৰ্মা, মানস দাস, বিদ্যা ভাৰতী, ৰয়ন্তী ৰাভা, ঋতুপণ চৌধুৰী, শ্ৰুতিমালা শইকীয়া, অঞ্জনাভ ৰাজেখাৱা, দিবাকৰ ৰাভা, ময়ুৰ গোপেন্দ্ৰ দাস, দ্ৰুপদ দাস, নন্দিতা ডেকা, শ্যামিলমা দাস, মিতু কাশ্যপ, কুল-কুলদ্বীপ আৰু কনমাণি আখ্যা জে কাশ্যপে।

"অনু'ৰ Eyes On the Sunshine" ৰ সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুলঃ 2
"অনু'ৰ Eyes On the Sunshine" ৰ সম্পূৰ্ণ হৈছে শ্বুটিং চিড্যুলঃ 3


সুমন দুৱৰাৰ চিত্ৰগ্ৰহণেৰে ছবিখনৰ সংগীতৰ দায়িত্বত আছে তৰালী শৰ্মা; চাউণ্ড ডিজাইন কৰিছে অমৃত প্ৰীতম লগতে সাজ-সজ্জা গৰীমা শইকীয়া গাৰ্গ আৰু ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগীৰ। সহকাৰী পৰিচালক হৈছে ক্ৰমে ৰোনাল্ড হুচেইন আৰু সমৰজ্যোতি সৰকাৰ আনহাতে পৰিচালকৰ সহাকাৰী আৰু চিত্ৰনাট্য পৰিদৰ্শকৰ দায়িত্বত আছে অন্বেষা কটকী; মূখ্য সহকাৰী পৰিচালক ঘনশ্যাম কলিতা। ছবিখনৰ শব্দগ্ৰহণ দেৱজিৎ গায়নৰ আৰু ৰি-ৰেকৰ্ডিং কৰিছে দেৱজিৎ চাংমাইয়ে। সম্পাদনা টুৱেনচাঙৰ লগতে কলা নিৰ্দেশনা পনজিৎ চাংমাইৰ। ছবিখনক লৈ আগ্ৰহী প্ৰত্যেকেই বৰ্তমান “অনু’ৰ Eyes on the Sunshine” ৰ মুক্তিৰ অপেক্ষা কৰি ৰৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform