Rupaliparda.com
সন্দীপ নাহৰৰ আত্মহত্যাৰ সময়ত তেওঁৰ পত্নী ক'ত আছিল জানেনে? 1

সন্দীপ নাহৰৰ আত্মহত্যাৰ সময়ত তেওঁৰ পত্নী ক’ত আছিল জানেনে?

সন্দীপ নাহৰৰ মৃত্যুৱে আচলতে প্ৰত্যেককে শোকগ্ৰস্ত কৰি তুলিছে। কিন্তু জানেনে? অভিনেতা গৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ পত্নী কাঞ্চন তেওঁৰ সৈতে একেটা ফ্লেটৰ অইন এটা কোঠাতেই আছিল। মৃত্যুৰ পূৰ্বে সন্দীপে ফেচবুক লাইভ কৰে আৰু এখন চুচাইড নোটত তেওঁৰ মৃত্যুৰ বাবে দোষী সাৱস্ত্য কৰে নিজ পত্নী কাঞ্চনক; যেতিয়া তেওঁৰ এই ভিডিঅ’ ভাইৰেল হয় তেতিয়া অভিনেতাগৰাকীৰ পিতৃ বিজয় কুমাৰে কাঞ্চনক ফোন কৰে আৰু গোটেই কথাখিনি কয় যদিও সেই সময় বহুত দেৰি হৈ গৈছিল। খবৰনুসৰি সন্দীপৰ ভাতৃ মনীষে নিজেই কৈছিল যে, যিদিনা সন্দীপে আত্মহত্যা কৰে সেইদিনা কাঞ্চন আৰু সন্দীপৰ কাজিয়া হয় আৰু সন্দীপে নিজকে এটা কোঠাত বন্ধ কৰি তেওঁক আমনি নকৰিবলৈ কয়। কাঞ্চন আৰু সন্দীপ প্ৰেমৰ সম্পৰ্কত আছিল; তেওঁলোকে যোৱা আগষ্টত বিবাহ সম্পৰ্কত বান্ধি খায়। কিন্তু বিবাহৰ পিছতে তেওঁলোকৰ মাজত অত্যাধিক কাজিয়া হ’বলৈ লয়।

সন্দীপ নাহৰৰ আত্মহত্যাৰ সময়ত তেওঁৰ পত্নী ক'ত আছিল জানেনে? 2
SOURCE: Hindi Now


অভিনেতা গৰাকীৰ মৃত্যুক লৈ অক্ষয় কুমাৰেও এক পোষ্ট কৰি কয় যে, “সন্দীপ নাহৰৰ আত্মহত্যা খবৰে সকলোকে শোকগ্ৰস্ত কৰি তুলিছে। এজন হাঁহিমুখীয়া ন-জোৱান, যি খোৱাক লৈ নিষ্ঠাৱান। জীৱনবোৰ সঁচাকৈ অপ্ৰত্যাশিত; কেতিয়াবা যদি নিৰাশ হয় তেতিয়াহ’লে আপোনালোকে সহায় বিচাৰিবলৈ সংকোচ নকৰিব। আত্মাৰ বাবে শান্তি।”

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.