Rupaliparda.com
২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ "পঠান"- 1

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ “পঠান”-

শ্বাহৰুখ খানক আকৌ এবাৰ ডাঙৰ পৰ্দাত চাবলৈ বহু আশাৰে বাট চাই ৰৈছিল তেওঁৰ অনুৰাগী। এইবাৰ অনুৰাগীক আকৰ্ষণ কৰিবলৈ পূৰ্ণ প্ৰস্তুতিত নামি পৰিছে অভিনেতা গৰাকী। শ্বাহৰুখ খানৰ আহিবলগীয়া ছবিখনত কেৱল মাত্ৰ কিং খানকেই নহয়; এক মনোগ্ৰাহী ৰূপত দেখিবলৈ পোৱা যাব জন আব্ৰাহামকো। খবৰনুসৰি, আহিবলগীয়া “পঠান” ছবিখনত জন আব্ৰাহামে ৰূপায়ন কৰিব খলনায়কৰ চৰিত্ৰ। “ধুম” ছবিখনত খলনায়কৰ চৰিত্ৰ ৰূপায়নেৰে দৰ্শকৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা জন আব্ৰাহামক এইবাৰো দেখিবলৈ পোৱা যাব এক নতুন ৰূপত। জন আব্ৰাহামক এই ছবিখনৰ বাবে নতুন ব্যতিক্ৰমী লুক দিয়া হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমৰ ৰিপোৰ্টনুসৰি, জন আব্ৰাহামেও নিজৰ এই আহিবলগীয়া চৰিত্ৰটোক লৈ খুবেই উৎসাহী হৈ পৰিছে। “বাটলা হাউচ”, “সত্যমেৱ জয়তে” তথা “পোখৰেণ” ৰ দৰে ছবিৰ পিছত জন আব্ৰাহামৰ অভিনয় চাবলৈ আচলতে উৎসাহী অনুৰাগীও। বিগত বহু দিনৰ পিছত ডাঙৰ পৰ্দালৈ অহা শ্বাহৰুখ খান লগতে জন আব্ৰাহামৰ যুঁটিটোক চাবলৈ অপেক্ষাৰত দৰ্শকবৃন্দ। ছবিখনৰ আন এক উল্লেখনীয় কথা এয়ে যে, “পঠান” ছবিখনত শ্বাহৰুখ তথা জনৰ সৈতে দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনকো।

২০২১ চনত মুক্তি লাভ নকৰে শ্বাহৰুখ খানৰ "পঠান"- 2


২৭০ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এই ছবিখন কিন্তু মুক্তি লাভ নকৰে ২০২১ চনত। এই ডাঙৰ ছবিখনক মুকলি কৰি দিবলৈ চলিত বৰ্ষৰ এটাও শুক্ৰবাৰ বাকী ৰোৱা নাই। ছবিখনত শ্বাহৰুখ খানক দেখিবলৈ পোৱা যাব দ্বৈত চৰিত্ৰত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.