Rupaliparda.com
বহু প্ৰত্যাশিত বৰ্ষাৰাণীৰ বিবাহ সম্পন্নঃ 1

বহু প্ৰত্যাশিত বৰ্ষাৰাণীৰ বিবাহ সম্পন্নঃ

বহু প্ৰত্যাশিত অসমীয়া অভিনেত্ৰী বৰ্ষাৰাণী বিষয়াৰ বিবাহ সম্পন্ন। যোৱা কেইবাদিনৰ পৰা চৰ্চাত থকা এই বিবাহখনক লৈ ৰাইজৰ মাজতো দেখিবলৈ পোৱা গৈছিল উৎসাহৰ; পেচাত এগৰাকী শিক্ষক ভাস্কৰ বৰুৱাৰ সৈতে বিবাহত বহিছে অভিনেত্ৰী গৰাকী। আচলতে, প্ৰথম বিবাহৰ কিছুদিন পিছতেই মৃত্যুক সাৱটিছিল তেওঁৰ স্বামীয়ে; তাৰ পিছত এক অকলশৰীয়া জীৱনক সাৱটি লৈয়েই আগবাঢ়িছিল অভিনেত্ৰী গৰাকী। কিছুদিন পূৰ্বে বৰ্ষা ৰাণীয়ে দিয়া নিজ বিবাহৰ খবৰৰ পিছতেই অনুৰাগী সকলৰ মাজত দেখিবলৈ পোৱা গৈছিল এক আনন্দ। এইখিনিতে, আন এক উল্লেখযোগ্য কথা এয়াও যে প্ৰথম স্বামীৰ পিতৃ-মাতৃয়ে এইবাৰ বৰ্ষাৰাণীৰ দ্বিতীয় বিবাহৰ কন্যাদান কৰিছে। ইনষ্টাগ্ৰামত ভাস্কৰ বৰুৱাৰ সৈতে থকা বৰ্ষাৰাণীৰ কেইবাখনো ফটোৱে ইতিমধ্যে চচিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা; অসমীয়া নিশিতা গোস্বামীকে ধৰি অইন কেইবাগৰাকীও অভিনেত্ৰীয়ে বৰ্ষাৰ বিবাহৰ কেইবাখনো ফটো পোষ্ট কৰিছে চচিয়েল মিডিয়াত।

বহু প্ৰত্যাশিত বৰ্ষাৰাণীৰ বিবাহ সম্পন্নঃ 2

বৰ্ষাৰাণী এনে এগৰাকী অভিনেত্ৰী, যি গৰাকীয়ে এক দীঘলীয়া সময়ৰ পৰাই অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনত নিজ প্ৰতিষ্ঠা অব্যাহত ৰাখিছে। আহিবলগীয়া সময়ত অসমীয়া ছবি ক্ৰমে “গুৱাহাটী ডায়েৰিজ” আৰু “ৰাজনীতি” ত দেখিবলৈ পোৱা যাব অভিনেত্ৰী গৰাকীক। তেওঁ প্ৰায়ে অনুৰাগীক আকৰ্ষণ টানিবলৈ একো একোখন ফটোৰে জীৱনৰ ধনাত্মক কথাবোৰ বাখ্যা কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.