Rupaliparda.com
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় "মায়া বাইদেউ"- 1

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় “মায়া বাইদেউ”-

চুটি ছবিসমূহৰ জনপ্ৰিয়তা ইতিমধ্যে আমি সকলোৱে বুজি উঠিছো; বিগত বছৰটোত চুটি ছবিসমূহে দৰ্শকৰ মাজত এক গভীৰ চাপ পেলোৱা পৰিলক্ষিত হৈছিল যাৰ ফলত দৰ্শক সকল বৰ্তমান একোখন চুটি ছবি উপভোগৰ বাবে উৎসাহিত হৈ থকা দেখিবলৈ পোৱা গৈছে। বিগত “লক-ডাউন” ৰ সময়ছোৱাতে মুক্তিপ্ৰাপ্ত “Arranged” ৰ কথা বাৰু আপোনালোকৰ মনত আছেনে? কাদম্বৰী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মিত এটি সৰু কাহিনীক কৰা সুন্দৰ উপস্থাপনে দৰ্শকক আপ্লুত কৰাত সক্ষম হৈছিল। “লক-ডাউন” ৰ ভিতৰতেই মুক্তি লাভ কৰা উল্লেখনীয় চুটি ছবিৰ যদি নাম ল’বলগীয়া হয় তেতিয়াহ’লে একাষাৰেই নাম ল’ব পাৰি “Arranged” ৰ। সেইবাবেই হয়টো এই প্ৰডাকচন হাউচটোৰ বেনাৰত মুক্তিপাবলগীয়া আন এখন চুটি ছবিক লৈ আশাবাদী হৈ পৰিছে সকলো। নহবওঁনো কিয়? চুটি ছবিসমূহত অন্তৰ্ভূক্ত কাহিনী সমূহ ইমানেই বেছি হৃদয়স্পৰ্শী হয় যে ইয়াক উপভোগ কৰাৰ পৰা নিজক আঁতৰাই ৰাখিব পৰা নাযায়। এফালৰ পৰা ক’বলৈ গ’লে, অসমীয়া মনোৰঞ্জন ক্ষেত্ৰখনক চহকী কৰোৱাবলৈ এনেবোৰ পৰিচালকৰ প্ৰচেষ্টা উল্লেখনীয়। এওঁলোকৰ চেষ্টাত বৰ্তমান আপ্লুত অসমীয়া প্ৰতিজন দৰ্শকো।


চলিত মাহৰ ২৭ তাৰিখে মুক্তি পাবলগীয়া চুটি ছবিখনৰ নাম হৈছে “মায়া বাইদেউ”। শেহতীয়াকৈ ট্ৰেইলাৰ মুক্তি পোৱা এই চুটি ছবিখনত এটা সৰু মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰ যোগেৰে সমাজৰ এক গম্ভীৰ বিষয়বস্তুক উপস্থাপন কৰোৱা হৈছে। সম্প্ৰতি সমাজত দেখিবলৈ পোৱা সুলভ পৰিস্থিতিটোক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰি উলিওৱা হৈছে সমুজ্জল কাশ্যপৰ কাহিনী আৰু পৰিচালনাৰে নিৰ্মিত “মায়া বাইদেউ”। ইয়াত অভিনয় কৰিছে সত্যেন দাস, প্ৰাজনা শৰ্মা, জিন্তু বৈশ্য, আৰ্হি বেজবৰুৱা, ৰূপম ৰিয়ান ডেকা, ৰাজা বৰুৱাৰ লগতে আন কেইবাগৰাকীও ন-পূৰণি শিল্পীয়ে। চুটি ছবিখনৰ দৃশ্যগ্ৰহণ কৰিছে ৰাজা বৰুৱাৰ লগতে সমুজ্জল কাশ্যপে। চুটি ছবিখনৰ বেকগ্ৰাউণ্ড স্কৰৰ দায়িত্বত আছে ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত অসম সন্তান হৰ্জিৎ দিয়াজ। চুটি ছবিখনে ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন ছবি সমাৰোহত লাভ কৰিছে মনোনয়ন।

২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় "মায়া বাইদেউ"- 2
২৭ ফেব্ৰুৱাৰীত মুক্তি লাভ বহু প্ৰশংসনীয় "মায়া বাইদেউ"- 3

“Toronto Lift-Off Film Festival”, “9th Delhi Short International Film Festival”, “7th Goa Short Film Festival”, “11th Dada Saheb Phalke Film Festival”, আৰু “9th Kolkata Short International Film Festival” ত মনোনয়ন প্ৰাপ্ত এই চুটি ছবিখনক ঘৰুৱা দৰ্শকে কেনেদৰে আদৰিব সেয়া হ’ব আগন্তুক সময়ত লক্ষণীয়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform